গুৱাহাটী , ৩০ নৱেম্বৰ :কামৰূপ মহানগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লব গোপাল ঝাই ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে(DC Kamrup metro Pallav Gopal Jha) । বিশেষকৈ, দুৰ্ঘটনা সংঘটিত হলেও যাতে চালক-আৰোহীৰ জীৱন ৰক্ষা পৰে তাৰ বাবে দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে ৷
ইয়াৰ লগতে, চাৰিচকীয়া বাহনৰ চালক তথা যাত্ৰী উভয়ে ছিটবেল্ট ব্যৱহাৰ কৰে তাক নিশ্চিত কৰিবলৈ আৰু আইন ভংগ কৰা বাহনৰ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক (District transport officer ) নিৰ্দেশ দিয়া হৈছে । উপায়ুক্তৰ নিৰ্দেশত আনদিনাৰ দৰে মঙলবাৰে জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ), হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গণেশগুৰীৰ জি এছ ৰোডত ( শংকৰদেৱ পথ ) এক আকস্মিক অভিযান চলায় ।