অসম

assam

MSME technology centre conclave: গুৱাহাটীত দেশৰ ১৮ MSME টেকন'লজি চেন্টাৰৰ উদ্ভাৱনী সামগ্ৰী

By

Published : Mar 5, 2023, 10:26 PM IST

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত দুদিনীয়াকৈ আয়োজন কৰা ‘এম এছ এম ই টেকন‘লজি চেন্টাৰ্চ কনক্লেভ’ৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ এম এছ এম ই দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভানু প্ৰতাপ সিং বাৰ্মা (MSME technology centre conclave)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি তেওঁৰ মন্তব্য ৷ দেশত শীঘ্ৰেই আৰু 20 টা টেকন’লজি চেন্টাৰ খোলা হ'ব ৷

MSME technology centre conclave
গুৱাহাটীত দেশৰ ১৮ MSME টেকন'লজি চেন্টাৰৰ উদ্ভাৱনী সামগ্ৰী

গুৱাহাটীত দেশৰ ১৮ MSME টেকন'লজি চেন্টাৰৰ উদ্ভাৱনী সামগ্ৰী

গুৱাহাটী,5 মাৰ্চ: প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাচতে নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে । এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ MSME দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভানু প্ৰতাপ সিং বাৰ্মাৰ (Bhanu Pratap Singh Verma) । কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ(MSME) মন্ত্ৰালয়ৰ অধীনস্থ উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ে গুৱাহাটীৰ কাহিলীপাৰাস্থ জ্যোতি চিত্ৰবনত দুদিনীয়াকৈ আয়োজন কৰা ‘MSME টেকন’লজি চেন্টাৰ্চ কনক্লেভ’ৰ দেওবাৰৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয় (MSME technology centre conclave)।

এম এছ এম ই টেকন'লজি চেন্টাৰসমূহে ক’ভিডকালত সকলো উদ্যোগ বন্ধ হৈ যোৱাৰ পাচত দেশৰ প্ৰয়োজনত নিজস্ব উৎপাদনৰে সেৱা আগবঢ়োৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কনক্লেভে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এম এছ এম ই খণ্ডৰ বিকাশত বিশেষকৈ দক্ষতা বৃদ্ধিত অৰিহণা যোগাব বুলি কয় (MSME conclave in Guwahati) ।

সম্প্ৰতি দেশত 18 টা টেকন'লজি চেন্টাৰ থকাৰ কথা উল্লেখ কৰি অচিৰেই আৰু 20 টা চেন্টাৰ খোলা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে জনিবলৈ দিয়ে । ক’ভিডৰ সময়ত বন্ধ হৈ যোৱা উদ্যোগসমূহ পুনৰ মুকলিৰ বাবে কেন্দ্ৰীয় চৰকাৰে 5 লাখ কোটি টকা মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰি মন্ত্ৰী বাৰ্মাই কয় যে- ইয়াৰে 3.7 লাখ কোটি টকা উদ্যোগসমূহে গ্ৰহণ কৰিছে আৰু 31 মাৰ্চলৈকে বাকী থকাসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ।

এই কনক্লেভৰ উদ্বোধনী সভাত অংশ গ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই এম এছ এম ই টেকন’লজি চেন্টাৰসমূহৰ অধীনত তিনিচুকীয়া, ডিমাপুৰ আৰু আগৰতলাত থকা টুল ৰুমসমূহে উত্তৰ-পূবৰ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগীসকলক লাভৱান্বিত কৰা বুলি মন্তব্য কৰে । তেওঁ ক্ষুদ্ৰ উদ্যোগসমূহেই আমাৰ উদ্যোগীক উন্নয়নৰ ৰাজহাড় বুলি উল্লেখ কৰে ।

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে অলপতে ৰাজ্যৰ 11 টা স্থানত এম এছ এম ই খণ্ডক উৎসাহিত কৰাৰ বাবে ‘উদ্যম 2023’ (Udyam 2023) শীর্ষক প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ কাৰ্যসূচী হাতত লোৱাৰ কথা মন্ত্ৰী বড়াই সভাত উল্লেখ কৰে । উন্নত প্ৰযুক্তিৰ সহায়ত ক্ষুদ্ৰ উদ্যোগীসকলে উন্নত মানৰ সামগ্ৰী উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰি এই কনক্লেভে উদ্যোগীসকলক প্ৰেৰণা যোগাব বুলি মন্ত্ৰী বড়াই কয় (Minister Bimal Bora) ।

উল্লেখ্য যে, এই সভাত কেন্দ্ৰীয় এম এছ এম ই মন্ত্ৰালয়ৰ সচিব বিদ্যুৎ বিহাৰী চায়েন, যুটীয়া সচিব মৌচি অপাহ, অসমৰ শ্ৰমিক কল্যাণ, নিয়োগ, দক্ষতা বিকাশ আদি বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে ভাষণ প্ৰদান কৰাৰ লগতে গুৱাহাটীৰ আমিনগাঁৱত থকা এম এছ এম ই টেকন'লজি চেন্টাৰৰ মুৰব্বী কাজল কুমাৰ সাহাই চেন্টাৰটোৰ বিষয়ে পি পি টি যোগে বাখ্যা আগবঢ়ায় ।

এই সভাতে এফ এফ ডি চি কনৌজৰ সঞ্চালক এছ ভি শুক্লাই অসমৰ সুগন্ধি আতৰ আৰু চিত্ৰনলা উদ্যোগৰ সম্ভাৱনীয়তা আৰু সুযোগ সন্দৰ্ভত এক বিশ্লেষণাত্মক ভাষণ প্ৰদান কৰে । উল্লেখ যে, দেশৰ 18 টা এম এছ এম ই টেকন’লজি চেন্টাৰে এই কনক্লেভত অংশগ্ৰহণ কৰি এই চেন্টাৰসমূহে বিকাশ সাধন কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰিছে ৷

লগতে পঢ়ক:Education Minister Ranoj Pegu: অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাত সংযোজিত হ’ল তিনিটাকৈ নতুন এপ

ABOUT THE AUTHOR

...view details