অসম

assam

ETV Bharat / state

লক ডাউন: অন্ধকাৰৰ দিশে 1 লাখ মৃন্ময় শিল্পী - দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে ৷

লক ডাউনৰ বাবে আৰ্থিক সংকটত ভুগি দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে ৰাজ্যৰ মৃৎ শিল্পীসকলে ৷ গুৱাহাটী মহানগৰীত বসবাস কৰা প্ৰায় 1 লাখ মৃন্ময় শিল্পীয়ে বৰ্তমান কৰ্মসংস্থাপন হেৰুৱাব লগীয়া হৈছে ৷ মৃন্ময় শিল্পীসকলৰ একমাত্ৰ সংগঠন ব্ৰহ্মপুত্ৰ ভেলী ৰুদ্ৰপল সমিতিয়ে তেওঁলোকৰ দুখ-দুৰ্দশাৰ বিষয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পত্ৰযোগে জনাইছিল যদিও এই পৰ্যন্ত কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ

Mrinmoy silpi appeal to himanta biswa sarma
লক ডাউন: অন্ধকাৰৰ দিশে 1 লাখ মৃন্ময় শিল্পী

By

Published : Jun 1, 2020, 4:55 PM IST

গুৱাহাটী, 1 জুন : দেশত অব্যাহত থকা লক-ডাউনৰ বাবে আন-আন শ্ৰেণীৰ লগতে মৃৎ শিল্পী সকলৰ মাজলৈ অন্ধকাৰ নামি আহিছে ৷ একমাত্ৰ মৃৎ শিল্পৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা শিল্পী সকলৰ বৰ্তমান অৱস্থা অধিক পুতৌলগা হৈছে ৷

লক ডাউন: অন্ধকাৰৰ দিশে 1 লাখ মৃন্ময় শিল্পী

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত প্ৰায় 1 লাখ মৃন্ময় শিল্পীয়ে নিতৌ শিল্প কলাত জৰিত হৈ আছিল ৷ কিন্তু বৰ্তমান অব্যাহত থকা লক-ডাউনৰ বাবে তেওঁলোকে সম্পূৰ্ণ কৰ্মহীনতাত ভুগিব লগা হৈছে ৷ যাৰবাবে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সম্নুখীন হৈছে শিল্পী সকলে ৷

আনহাতে এই লিল্পী সকলক কিছু পৰিমাণে সহায় কৰাৰ বাবে মৃন্ময় শিল্পীসকলৰ একমাত্ৰ সংগঠন ব্ৰহ্মপুত্ৰ ভেলী ৰুদ্ৰপল সমিতিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্ৰযোগে অনুৰোধ জনাইছিল যদিও বৰ্তমানলৈ কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ শিল্পী সকলৰ ৷

লগতে পঢ়ক: এলাহাবাদৰ নাছিম খানক কেন্দ্ৰ কৰি গোলাঘাটত আতংক

ABOUT THE AUTHOR

...view details