গুৱাহাটী, 19 জুন: সাৱধান ! অসমৰ ঠায়ে ঠায়ে হ’ব পাৰে ধুমুহা, বিজুলী-ঢেৰেকনিসহ ধাৰাষাৰ বৰষুণ ৷ অসমৰ অধিকাংশ অঞ্চলৰ লোক বানত কবকাই থকাৰ সময়তে বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰাই সতৰ্কতা জাৰি কৰিছে ৰাজ্যখনত । সোমবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমত ৰেড এলাৰ্ট জাৰি কৰিছে । অহা ২৪ ঘন্টাত ৰাজ্যৰ অধিকাংশ ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে । আকৌ অহা পাঁচদিনলৈ ৰাজ্যখনত প্ৰবলৰপৰা অতি প্ৰবল বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে ।
গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ২২ জুন পর্যন্ত অসমত ধুমুহা আৰু বিজুলী-ঢেৰেকনিৰে সৈতে মুষলধাৰ বৰষুণ অব্যাহত থাকিব । ধুমুহা-বিজুলী-ঢেৰেকনিসহ অতিপাত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অহা দুদিনৰ বাবে নামনি অসমৰ পাঁচখন জিলাত ‘ৰেড ৱাৰ্ণিং’ জাৰি কৰা হৈছে । কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা আৰু বঙাইগাঁও জিলাত ২০ জুন পর্যন্ত ‘ৰেড ৱাৰ্ণিং’ জাৰি কৰা হৈছে ৷ জিলাকেইখনত সৰ্বাধিক সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ।