দক্ষিণ কামৰূপ,2 ডিচেম্বৰঃ অসমৰ দেহশ্ৰী জগতলৈ সুখবৰ । সুদূৰ ইউৰোপত অনুষ্ঠিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি বিশ্বৰ বুকুত অসমৰ নাম উজলালে অসম সন্তান দীপক গগৈয়ে । 'Mr.Universe Body building Championship'ত ৰূপৰ পদক অৰ্জন কৰি গৃহভূমিত উপস্থিত হয় শিৱসাগৰ ডিমৌৰ সন্তান দীপক গগৈ । ইউৰোপত অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ শৰীৰ চৰ্চা প্ৰতিযোগিতাত ৪টাকৈ শিতানত ৰূপৰ পদক অৰ্জন কৰি অসমবাসীৰ লগতে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি তুলিলে অসম সন্তান দীপক গগৈয়ে । ইউৰোপৰ দৰে এখন আগশাৰীৰ দেশত মুঠ ২৭খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি অতিকৈ আনন্দিত হৈ পৰে দীপক গগৈ ।
দেহশ্ৰী প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি মাতৃভূমিত উপস্থিত অসম সন্তান দীপক গগৈ - Mr.Universe Body building Championship Dipak Gogoi
বিমানবন্দৰৰ পৰা শুভাকাংক্ষীয়ে আদৰি আনিলে শৰীৰ চৰ্চাবিদ দীপক গগৈক
শৰীৰ চৰ্চাবিদ দীপক গগৈ
আনহাতে দীপক গগৈ এই সাফল্যৰ বাবে অতিকৈ আনন্দিত হৈ পৰে শুভাকাংক্ষী তথা অল আচাম বডী বিল্ডিং এছোচিয়েছনৰ কৰ্মকৰ্তা সকল । দীপক গগৈ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় শুভাকাংক্ষী সকলে ।