অসম

assam

ETV Bharat / state

মুল্যবৃদ্ধিক লৈ পুনৰ সৰৱ সাংসদ ৰিপুন বৰা

পেট্ৰ'ল আৰু ডিজেলৰ মূল্যক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সাংসদ ৰিপুন বৰা ৷ ৫ ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ বাবে ভোটাৰৰ মন ভাল লগাবলৈ মোডী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাসৰ নাটক কৰাৰ অভিযোগ বৰাৰ । সাত বছৰত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত উপৰ্যুপৰি আবকাৰী শুল্ক আৰোপ কৰি প্ৰায় ২৫ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰা বুলি উল্লেখ সাংসদগৰাকীৰ ৷

By

Published : Nov 11, 2021, 9:18 PM IST

mp ripun bora reaction on reduce of petrol diesel price
মুল্যবৃদ্ধিক লৈ পুনৰ সৰৱ সাংসদ ৰিপুন বৰা

গুৱাহাটী, ১১ নৱেম্বৰ : চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ২৪ অক্টোবৰলৈ বিগত প্ৰায় দহ মাহত ৯৬ বাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈছে । শেহতীয়াকৈ হোৱা উপ নিৰ্বাচনত অসমক বাদ দি বাকী ৰাজ্যত বিজেপি ধৰাশায়ী হোৱাৰ পাছত পেট্ৰ'ল আৰু ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰা হৈছে । উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যত ফেব্ৰুৱাৰীত হ'বলগীয়া নিৰ্বাচনৰ বাবে মোডী চৰকাৰে ৰাইজক টোপ দিব বিচাৰিছে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মূল্যবৃদ্ধিক লৈ পুনৰ সৰৱ হৈ পৰে সাংসদ ৰিপুন বৰা । তেওঁ কয় যে, এতিয়াও প্ৰতিলিটাৰ পেট্ৰ'লত ২৭.৯০ টকা আৰু ডিজেলত ২১.৮৯ টকা অতিৰিক্ত ভাৱে কৰ বহন কৰিবলগীয়া হৈছে ৰাইজে । যাৰ ফলত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হৈয়ে থাকিল । প্ৰকৃততে ৫ ৰাজ্যৰ আগন্তুক নিৰ্বাচনত ভোটাৰৰ মন ভাল লগাবলৈ মোডী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰাৰ নাটক কৰিছে । এফালে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাসৰ নাটক কৰিছে আৰু আনফালে পি ডি এছ কেৰাচিন তেলৰ দাম প্ৰতিলিটাৰত ৭.৫০ টকাকৈ বৃদ্ধি কৰি ৫১.৬৪ টকা কৰিছে ।

কেৰাচিনৰ মূল্যবৃদ্ধি কৰি চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ মূৰত মাধমাৰ শোধাইছে । সেইদৰে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পূৰ্বৰ ১,৭৩৫ টকাৰ পৰা বৃদ্ধি কৰি ২,০০১ টকা কৰিছে । এনেদৰেই বিজেপিয়ে পেট্ৰ'ল-ডিজেলৰ মূল্য আপাত দৃষ্টিত হ্ৰাস কৰি ৰাইজক ৰামঠগন দি আছে বুলি তেওঁ অভিযোগ কৰে । লগতে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি হোৱা নাই বুলি সদৰি কৰি তেওঁ কয় যে প্ৰকৃততে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত কেন্দ্ৰই অত্যাধিক পৰিমাণৰ আবকাৰী শুল্ক আৰোপ কৰা বাবেহে মূল্যবৃদ্ধি হৈছে ।

সাংসদ বৰাই সদৰি কৰা অনুসৰি, বিজেপি চৰকাৰে বিগত সাত বছৰত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত উপৰ্যুপৰি আবকাৰী শুল্ক আৰোপ কৰি প্ৰায় ২৫ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে । ইয়াৰ বিপৰীতে ইউ পি এ চৰকাৰে কাৰ্যভাৰ এৰাৰ সময়ত ২০১৪ চনত ৰাজহ সংগ্ৰহ কৰিছিল মাত্ৰ ৭২,১৬০ কোটি টকা । বিজেপি চৰকাৰৰ দিনত সকলো সামগ্ৰীৰে অভাৱনীয় মূল্যবৃদ্ধি হৈছে । তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে লুণ্ঠন চলাই দিন ডকাইতি কৰিছে ।

লগতে পঢ়ক :উদং দিছপুৰ : মুম্বাইলৈ মুখ্যমন্ত্রীকে ধৰি মন্ত্রী আৰু শাসকীয় দলৰ বিধায়ক

ABOUT THE AUTHOR

...view details