অসম

assam

ETV Bharat / state

Union Budget Reaction: কেন্দ্ৰীয় বাজেটৰ গুণানুকীৰ্তন সাংসদ কুইন ওজাৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কেন্দ্ৰীয় চৰকাৰৰ 2023-24 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত সংবাদমেল সম্বোধন সাংসদ কুইন ওজাৰ (MP Queen Oja) ৷ অমৃতকালৰ দৃষ্টি ভংগীৰে এই বাজেট প্ৰস্তুত কৰা বুলি মন্তব্য সাংসদগৰাকীৰ ৷ উত্তৰ পূৰ্বাঞ্চলৰ বাবেও বাজেটত বহু আঁচনি গ্ৰহণ কৰা হৈছে বুলিও কুইন ওজাৰ মন্তব্য (Union Budget 2023) ৷

Union Budget Reaction
কেন্দ্ৰীয় বাজেটৰ গুণানুকীৰ্তন সাংসদ কুইন ওজাৰ

By

Published : Feb 19, 2023, 9:07 PM IST

গুৱাহাটী,19 ফেব্ৰুৱাৰী:কেন্দ্ৰীয় চৰকাৰৰ 2023-24 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত অব্যাহত আছে বিজেপি দল আৰু চৰকাৰৰ গুণানুকীৰ্তন । কেন্দ্ৰীয় বাজেট সন্দৰ্ভত দেওবাৰে এখন সংবাদমেল সম্বোধন কৰে সাংসদ কুইন ওজাই (MP Queen Oja on union budget) ৷ সাংসদগৰাকীৰ সৈতে সংবাদমেলত উপস্থিত থাকে, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিজেপিৰ মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস আৰু দলৰ ৰাজ্যিক আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে ।

ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) উপৰিও কেইবাজনো দলীয় নেতাই বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল (Union budget reaction) । দেওবাৰে বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত সাংসদ কুইন ওজাই কেন্দ্ৰীয় চৰকাৰৰ 2023-24 বৰ্ষৰ বাজেটৰ বিত্তীয় পৰিকল্পনাৰ ওপৰত আলোকপাত কৰে । লগতে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সদৰী কৰে ।

সাংসদ কুইন ওজাই কয়, ‘‘2023-24 বৰ্ষৰ কেন্দ্ৰীয় বাজেটে অমৃতকালৰ দৃষ্টিভংগী উপস্থাপন কৰিছে । শক্তিশালী আৰু সামগ্ৰিক অৰ্থনীতিৰ বাবে ব্লুপ্ৰিন্ট তৈয়াৰ কৰা হৈছে । চাৰিটা পৰিবৰ্তনশীল সুযোগৰ দ্বাৰা পৰিচালিত তিনিটা গুৰুত্বই অমৃতকালৰ ভেঁটি গঠন কৰে । মূলধন বিনিয়োগৰ ব্যয় 33 শতাংশ বৃদ্ধি কৰি 10 লাখ কোটি টকা হৈছে । জিডিপি 4.5 শতাংশত কাৰ্যকৰী মূলধন ব্যয়, 2023-24 বৰ্ষত বিত্তীয় ঘাটি জিডিপিৰ 5.9 শতাংশ বুলি অনুমান কৰা হৈছে । ’’

লগতে 2022-23 বিত্তীয় বৰ্ষত 7 শতাংশ প্ৰকৃত জিডিপি বৃদ্ধি পাব বুলি কোৱাৰ লগতে 2023 বিত্তীয় বৰ্ষত ৰপ্তানি 12.5 শতাংশ বৃদ্ধি পাব বুলিও উল্লেখ কৰে । আনহাতে, উচ্চ মূল্যৰ উদ্যান শস্যৰ বাবে গুণগতমানৰ ৰোপন প্ৰণালীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে, বাজেটত সামগ্ৰীৰ উপলদ্ধতা বৃদ্ধি বাবে 2200 কোটি টকাৰ ব্যয়ৰ সৈতে আত্মনিৰ্ভৰ স্বচ্ছ প্ৰকল্প কাৰ্যসূচী হাতত লোৱা হৈছে । 157 খন নাৰ্চিং কলেজ স্থাপন কৰাৰ কথা বাজেটত কোৱা হৈছে ।

সেইদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে মুঠ ব্যয় 66 শতাংশ বৃদ্ধিৰে 79,000 কোটি টকা ধাৰ্য কৰা হৈছে বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে ৷ ৰে’লপথৰ বাবে সৰ্বাধিক 2.40 লাখ কোটি টকাৰ ব্যয়ৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে অগ্ৰাধিকাৰ খণ্ডৰ ঋণৰ নাটনি পূৰণৰ বাবে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি গঠন কৰা হ'ব বুলিও সদৰী কৰে ৷ গোবৰ্ধন আঁচনিৰ অধীনত 500 টা নতুন 'আৱৰ্জনাৰ পৰা সম্পদ' প্লান্টৰ মুঠ 10 টা কাৰ্যকৰী হৈ উঠাৰ কথাও সংবাদমেলত উল্লেখ কৰে সাংসদ কুইন ওজাই ৷

লগতে পঢ়ক:Jagdish Mukhi returns home: ৰাজ্যপাল হিচাপে কাৰ্যকাল সামৰি স্বগৃহলৈ উভতি গ’ল অধ্যাপক জগদীশ মুখী

ABOUT THE AUTHOR

...view details