অসম

assam

উমানন্দ মন্দিৰত আশীষ ল'লে সাংসদ কুইন ওজাই

By

Published : Feb 22, 2020, 7:50 AM IST

মহা শিৱৰাত্রি উপলক্ষে পূজা-অৰ্চনাৰে ভক্তিভাবত বুৰ যায় ভক্তপ্ৰাণ ৰাইজ । উমানন্দ মন্দিৰত তিনিদিনীয়াকৈ উদযাপন কৰা মহা শিৱৰাত্রী উপলক্ষে আশীষ বিচাৰি উপস্থিত হয় সাংসদ কুইন ওজা । নিজৰ লগতে ৰাজ্যবাসীৰ বাবে আশীষ বিচাৰিলে সাংসদ গৰাকীয়ে ।

MP Queen Oja at umananda temple due to sivratri guwahati kamrup metro assam etv bharat news
উমানন্দত উপস্থিত সাংসদ কুইন ওজা

গুৱাহাটী,22 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় মহা শিৱৰাত্রি ৷ সেই উপলক্ষে পুৱাৰে পৰা পূজা-অৰ্চনাৰে ভক্তিভাবত বুৰ যায় ভক্তপ্ৰাণ ৰাইজ । মহানগৰীৰ উমানন্দটো সমাগম ঘটে ভক্তৰ ৷ উমানন্দ মন্দিৰত তিনিদিনীয়াকৈ উদযাপন কৰা মহা শিৱৰাত্রী উপলক্ষে আশীষ বিচাৰি উপস্থিত হয় সাংসদ কুইন ওজা । নিজৰ লগতে ৰাজ্যবাসীৰ বাবে আশীষ বিচাৰিলে সাংসদ গৰাকীয়ে ।

উমানন্দত উপস্থিত সাংসদ কুইন ওজা

মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ভক্তৰ সুবিধাৰ্থে মন্দিৰ চৌহদত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । এইবাৰ শিৱৰাত্রী পূজাত অভিলেখসংখ্যক ভক্ত উপস্থিত হয় বুলি জনায় মন্দিৰ কৰ্তৃপক্ষয়ে । নৈসৰ্গিক পৰিৱেশত অৱস্থিত এই মন্দিৰত প্ৰতি বছৰে সহস্ৰাধিক ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় ।

লগতে চাওকঃডাকিনি পাহাৰত হাজাৰ হাজাৰ ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details