গুৱাহাটী,30আগষ্টঃ শুকুৰবাৰে গুৱাহাটীৰ এক সংবাদমেলত দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে কংগ্ৰেছ দলৰ দুৰ্নীতি দায়ী বুলি কৰা মন্তব্যৰ পিছত শনিবাৰে নগাঁও সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উভতি ধৰে বিত্তমন্ত্ৰীগৰাকীক। ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত নগাঁৱৰ সাংসদ গৰাকীয়ে কয়,
'' নিৰ্মলা সীতাৰমনে দেশৰ অৰ্থনীতি পৃথিৱীৰ ভিতৰতে উন্নত বুলি কৈছিল, যিটো সম্পূৰ্ণৰূপে এটা মিছা কথা। লগতে বিত্তমন্ত্ৰীগৰাকী মিছা কথা কোৱাত পাকৈত বুলি নিৰ্মলা সীতাৰমনক আক্ৰমণ কৰি বৰদলৈয়ে কয় ১৯৫১ চনৰ পিছত দেশৰ অৰ্থনীতি এপদ এপদকৈ বৃদ্ধি হৈছিল কিন্তু যোৱা দুটা বছৰত ভাৰতৰ অৰ্থনীতি নিম্নগামী হৈছে। ''
কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক উভতি ধৰিলে প্ৰদ্যুৎ বৰদলৈয়ে