গুৱাহাটী, ১৪ ডিচেম্বৰ :উজনি অসমৰ অন্যতম বিমান বন্দৰ ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে নামকৰণৰ বাবে দেশৰ উচ্চ সংসদত প্ৰস্তাৱ ৷ ৰাজ্যসভাত বৃহস্পতিবাৰে এই প্ৰস্তাৱ আগবঢ়ালে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।
এই প্ৰসংগত সাংসদ মাৰ্ঘেৰিটাই কয়, ‘‘ সংসদত আজি মোৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন । প্ৰথমবাৰৰ বাবে সংসদত আলোচিত হ’ল বৰ অসমৰ খনিকৰ চাওলুং ছ্যু-কা-ফাৰ শৌৰ্য-বীৰ্য-প্ৰজ্ঞাৰ কথা । আহোমৰ ৬০০ বছৰীয়া ৰাজত্বৰ কথা । বিৰোধীৰ প্ৰচণ্ড হূলস্থুলৰ মাজতে মোক কৈ যাবলৈ সুযোগ দিয়া হ’ল । ৰাজ্যসভাত পুৱা এঘাৰ বজাৰ পৰা বিয়লি চাৰি বজালৈকে কেৱল মইহে ক’বলৈ পোৱাটো মোৰ বাবে এক সৌভাগ্য । সি যি কি নহওক মোৰ প্ৰস্তাৱটো হ’ল ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে ৰাখি অসমীয়া জাতিৰ পিতৃপুৰুষজনাক সন্মান প্ৰদান কৰা হওক ।”
ডিব্ৰুগড় বিমানবন্দৰৰ নামকৰণ সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যসভাত প্ৰদান কৰা ভাষণত কয় যে চাওলুং ছ্যু-কা-ফাৰ গৌৰৱগাথা আছিল মহামতি সম্ৰাট অশোক আৰু চন্দগুপ্ত মৌৰ্যৰ সমপৰ্যায়ৰ ৷ ত্ৰয়োদশ শতিকাতে চাউলুং চ্যুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । উক্ত সাম্ৰাজ্যই সাম্প্ৰতিক ভাৰতৰ উত্তৰ-পূব প্ৰান্তক এসময়ত ৬০০ বছৰ ধৰি শাসন চলাইছিল ৷
যিসময়ত এই ভাৰতভূমিত লুণ্ঠনকাৰী চুলতান আৰু বাদশ্বাহসকলে উত্তৰ দিশে এখনৰ পিছত আনখন চহৰ আৰু এখনৰ পিছত আনখন গাঁও ধ্বংসস্তুপত পৰিণত কৰিছিল, তেনে সময়তে ছ্যু-কা-ফাৰ স্থানীয় শাসক আৰু জনগোষ্ঠীসমূহৰ মাজত সম্পৰ্ক স্থাপনেৰে সম্প্ৰীতি আৰু সমিলমিলৰ নীতি আকোঁৱালি লৈছিল ৷