গুৱাহাটী, 7 নৱেম্বৰ:ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মঙলবাৰে আক্ৰমণাত্মক হৈ পৰে বিৰোধী মিত্ৰ INDIA ৰ বিৰুদ্ধে ৷ বিৰোধী ঐক্যৰ 15 টা দলৰ সংজ্ঞা ভাঙি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে বিৰোধী ঐক্যত নামতহে 15 টা দল আছে । লগতে, কংগ্ৰেছকে ধৰি ৰাইজে তিনিটামানহে ৰাজনৈতিক দলৰ বিষয়ে অৱগত বুলিও কয় সাংসদগৰাকীয়ে ।
ইয়াৰোপৰি, কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে হোটেল লিলিত মিলিত হৈছিল বুলি উল্লেখ কৰি এইবাৰো তাৰ ব্যতিক্ৰম ঘটা নাই বুলি কয় ৷ নিৰ্বাচন আহিলে বিৰোধী দলবোৰে ৰাইজক দেখুৱাবলৈ হোটেল লিলিত মিলিত হয় বুলি উল্লেখ কৰি জাতীয় দলক তীব্ৰ সমালোচনা কৰি সেইটো সাংসদ অজিত ভূঞাৰ এটা স্বেচ্ছাসেৱী সংস্থা বুলি কটাক্ষ কৰে ।
লগতে, অসম জাতীয় পৰিষদৰ যাত্ৰা কাৰ্যসূচীক সমালোচনা কৰি উক্ত যাত্ৰাত মাত্ৰ 80 জন লোকেহে অংশগ্ৰহণ কৰিছিল বুলি কয় । সাংসদগৰাকীয়ে কয়, "ৰাইজৰ দলত অখিল গগৈৰ বাহিৰে কোনো নাই । আপৰ কোন সভাপতি অসমত কোনেও নাজানে । কমল মেধিকে ধৰি যিসকলক ৰাইজে চিনি পাইছিল তেওঁলোক ইতিমধ্যে দলটোৰ পৰা ওলাই আহিলে। TMC ৰিপুন বৰাতে আৰম্ভ, ৰিপুন বৰাতেই শেষ । RJD, JDU, NCP ৰ সভাপতি-সম্পাদক কোন ৰাইজে আজিও নাজানে । গতিকে হোটেল লিলিত ভূপেন বৰাই কবিতাৰ সোৱাদ পাইছে, সেয়েহে তালৈ গৈছে ।"