গুৱাহাটী, ৩ নৱেম্বৰ : মিঞা নহ’লে গুৱাহাটীখন কৱৰস্থানত পৰিণত হ’ব ৷ বৃহস্পতিবাৰে এই মন্তব্য প্ৰদান কৰিছিল AIDUF প্ৰধান বদৰুদ্দিন আজমলে । বদৰুদ্দিন আজমলে উক্ত মন্তব্য প্ৰদান কৰাৰ পাচতে শুকুৰবাৰে উভতি ধৰা দেখা যায় ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।
গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সাংসদ মাৰ্ঘেৰিটাই কয় যে আজমলৰ মন্তব্য অসম আৰু অসমীয়াৰ বাবে দুখৰ কথা । যি সময়ত পাতিব লাগিছিল এক লাখ চাকৰিৰ কথা, খেলত অসমৰ সুন্দৰ প্ৰদৰ্শনৰ কথা, তেনে সময়ত পাতিবলগীয়া হৈছে কংগ্ৰেছ-AIUDF ৰ আহফলা বিষয়ৰ কথা ৷
বদৰুদ্দিন আজমলক উদ্দেশ্যি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে তেওঁলোকে কৌশলগতভাৱে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰি আহিছে ৷ আজমলৰ মন্তব্যৰ বিৰোধিতা কৰি সাংসদগৰাকীয়ে কয় যে সকলো সময়তে অসমীয়া শক্তিশালী জাতি ৷ কিন্তু লুৰীণজ্যোতি গগৈ, অখিল গগৈ, ভূপেন বৰা আদি অসমীয়াৰ ঐতিহাসিক ভুলৰ বাবে কেতিয়াবা আংশিকভাৱে মিঞাৰ নিৰ্ভৰশীল হ’বলগীয়া হয় বুলি মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই ৷
সাংসদগৰাকীয়ে কয় যে ৰাজধৰ্ম পালন কৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চলাই আছে, য’ত নাই গোষ্ঠীগত সংঘৰ্ষ । এক কোটি গছপুলি, লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা আদি বিষয়ৰ ওপৰত প্ৰভাৱ পেলাবলৈকে কংগ্ৰেছ-এ আই ইউ ডি এফে বিভিন্ন কথা কৈ থকা বুলি পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰে ।