অসম

assam

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 7:11 PM IST

ETV Bharat / state

খাৰিজ হ’ব পাৰে নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ

MP Naba Kumar Saraniya: লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাংসদ নৱ কুমাৰ শৰণীয়া বিপদত ৷ অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ দ্বাৰা গঠিত ৫ জনীয়া সমিতিৰ ঘোষণা- নৱ কুমাৰ শৰণীয়া বড়ো-কছাৰী জনগোষ্ঠীৰ অন্তৰ্গত নহয় ৷

Naba Kumar Saraniya
নৱ কুমাৰ শৰণীয়া

গুৱাহাটী, ১৮ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপদত পৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷ খাৰিজ হ’ব পাৰে সাংসদ পদো ৷ কিয়নো সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি চৰকাৰী বিবেচিত হৈছে ৷ এই প্ৰমাণপত্ৰ দাখিল কৰিয়েই নৱ কুমাৰ শৰণীয়াই জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হৈছে ৷

সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্রমাণপত্র ভুৱা

চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে ঘোষণা কৰিছে যে কৰিছে নৱ কুমাৰ শৰণীয়া বড়ো কছাৰী জনগোষ্ঠীৰ অন্তৰ্গত নহয় ৷ অৰ্থাৎ কমিতিখনে ভুৱা বুলি প্ৰমাণিত কৰিছে নৱ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ ৷ যোৱা ১২ জানুৱাৰীত সমিতিখনে বাতিল কৰিছে এই প্ৰমাণপত্ৰখন ।

উল্লেখ্য যে বড়ো, কছাৰী বুলি তেওঁ নিৰ্বাচনত শপতনামা দাখিল কৰিছিল । এই প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ত শৰণীয়াৰ বিৰুদ্ধে জনকলাল বসুমতাৰী নামৰ এজন কৰ বিষয়াই দাখিল কৰিছিল আবেদন । উক্ত আবেদনৰ ভিত্তিত অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ দ্বাৰা গঠিত এখন সমিতিক সময় নিৰ্ধাৰণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহত নিৰ্দেশনা দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্রমাণপত্র ভুৱা

উচ্চ ন্যায়ালয়ত আবেদনকাৰী জনকলাল বসুমতাৰীয়ে দাবী কৰিছিল যে সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ পৰীক্ষণ সমিতিয়ে পূৰ্বে দিয়া অভিযোগৰ ওপৰত প্ৰমাণপত্ৰৰ পৰীক্ষণৰ ক্ষেত্ৰত তিনি বছৰ ধৰি কোনোধৰণৰ পদক্ষেপ লোৱা নাছিল । যাৰ ফলশ্ৰুতিত ৫ জনীয়া পৰীক্ষণ সমিতিখনে অৱশেষত শেহতীয়াকৈ নিজৰ সিধান্ত গ্ৰহণ কৰি এক নিৰ্দেশনা দিয়ে যে সাংসদ নৱ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা ৷

ইয়াৰ পিচতে এতিয়া সাংসদ নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ খাৰিজ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ সমিতিখনৰ সদস্য ৫ জন আৰু অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিবৰ দ্বাৰা স্বাক্ষৰিত এক নিৰ্দেশনাৰ শেষত সকলো চালি-জাৰি চাই কোৱা হৈছে যে- "... Whereas, the SI.SC Committee after careful perusal and examination of the written statements, documents, certificates ete, submitted by Sri Naha Kr. Sarnia and Shri Janaklal Basumatary and the report submitted by the Vigilance Committee, is of the view that Shri. Naba Kumar Sarania, s/o late Lakhi Kanta Sarania alias late Lakhi Kunta Das alias late Lakhi Kanta Sarukoch of Vill Dighalipar, PO & PS Tamulpur, District-Banka does not belong to the Boro Kachari community."

পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৱ কুমাৰ শৰণীয়াই উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ কিদৰে কাষ চাপে সেয়াও হ’ব লক্ষণীয় ৷ কিয়নো এই চৰকাৰী সমিতিৰ নিৰ্দেশনাৰ পিচত এইবাৰ লোকসভাত নিৰ্বাচনত জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰত সাংসদ নৱকুমাৰ শৰণীয়াই যে প্ৰতিদন্দিতা আগবঢ়াব পাৰিব সেয়া অনিশ্চিত হৈ পৰিল ৷ এই বিষয়টো যে আইনী মেৰপাকত সোমাই পৰিব তাৰো সম্ভাৱনাই বেছি ।

লগতে পঢ়ক:ৰাহুলৰ ন্যায় যাত্ৰাই আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব : জীতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details