অসম

assam

Cinnamara weekly market : চিনামৰাৰ বজাৰত গ্ৰাহকৰ ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

By

Published : Nov 14, 2022, 9:36 PM IST

যোৰহাট চিনামৰাৰ সপ্তাহিক বজাৰত এইবাৰ গ্ৰাহকৰ ৰূপত ৰাজ্যসভা সাংসদ কামাখ্যা প্ৰসাদ তাছা (Kamakhya Prasad Tasa visits Cinnamara) ৷ সাংসদগৰাকীয়ে এই বজাৰত পাচলি ব্যৱসায়ৰ লগতে অন্য ব্যৱসায়ীসকলৰ অভাৱ-অভিযোগ বুজ লোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময়ো কৰে ৷

Cinnamara weekly market
চিনামৰাত গ্ৰাহকৰ ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

যোৰহাট, 14 নৱেম্বৰ :গ্ৰাহকৰ ৰূপত আজি সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ সোমবাৰে যোৰহাট চিনামৰাস্থিত সাপ্তাহিক বজাৰত হঠাৎ উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা (MP Kamakhya Prasad Tasa at Cinnamara) । বজাৰখনত উপস্থিত হৈ বিভিন্ন সামগ্ৰী ক্ৰয় কৰে সাংসদজনে (Cinnamara weekly market) ৷

লগতে সাংসদগৰাকীয়ে যোৰহাট চিনামৰাৰ সপ্তাহিক বজাৰৰ শাক পাচলি, কাপোৰ, দা-কটাৰীৰ আদি ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰি ব্যৱসায়ীৰসকলৰ অভাৱ অভিযোগ সম্পৰ্কেও বুজ লয় ৷ উল্লেখ্য যে, এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চিনামৰাস্থিত সাপ্তাহিক বজাৰৰ ব্যৱসায়ীসকল ৷

চিনামৰাত গ্ৰাহকৰ ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

কিন্তু সেই সমস্যাৰ মাজতো পৰিয়াল পোহপাল দিয়াৰ লগতে ব্যৱসায়ীসকলে নিজৰ সন্তানক পাৰ্যমানে উচ্চ শিক্ষা গ্ৰহণ বাবে সুবিধা কৰি দিছে ৷ এইক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ীসকল শলাগৰ পাত্ৰ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

লগতে সাংসদগৰাকীয়ে কয় যে, ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাৰ বঞ্চিত হৈ আছিল ৷ ইয়াৰ মূল কাৰণ হৈছে মধ্যভোগী বা দালাল ৷ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য হেৰুৱাব লগীয়া হয় ৷

চিনামৰাত গ্ৰাহকৰ ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

আনকি কোনো কোনো ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী বাবে উপযুক্ত স্থানৰ অভাৱৰ ফলতো উৎপাদিত সামগ্ৰী নষ্ট হৈ যায় । ফলত বহু লোকচানৰ সন্মুখীন হ’ব লগাত পৰে ব্যৱসায়ীসকল ৷ এনে পৰিস্থিতিৰ ফলতো ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱনৰ পথ কণ্টকময় হৈ পৰে ৷

সেয়ে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক কিদৰে উদ্ধাৰ কৰিব পাৰে, সেইসমূহ বিষয়বস্তু ওপৰত উক্ত ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । লগতে মধ্যভোগী দালালৰ কবলত পৰি যিসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে লোকচানৰ সন্মুখীন হৈছে, সেইসকল ব্যৱসায়ীৰ প্ৰতি কৃষি বিভাগৰ বহু কৰণীয় আছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

গ্ৰাহকৰ ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

অৱশ্যে এই ক্ষেত্ৰত কৃষি বিভাগৰ তৰফৰ পৰা এনে ক্ষুদ্ৰ ব্যৱসায়ী তথা কৃষকৰ হিতৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

লগতে পঢ়ক :Majuli red bao rice exports : বিশ্বৰ বজাৰলৈ ৰপ্তানি মাজুলীৰ ৰঙা বাও চাউল

ABOUT THE AUTHOR

...view details