অসম

assam

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 8:14 PM IST

ETV Bharat / state

Riniki Bhuyan subsidy scam: প্ৰসংগ মুখ্যমন্ত্রীৰ পত্নীৰ ৰাজসহায্য; প্ৰধানমন্ত্রীলৈ পত্র প্ৰেৰণ সাংসদ গৌৰৱ গগৈৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ 10 কোটি টকাৰ ৰাজসাহায্যৰ কথা সদৰী কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ সাংসদ গৌৰৱ গগৈৰ ৷ কি আছে গৌৰৱ গগৈৰ পত্ৰত...সৱিশেষ এই প্ৰতিবেদনত ৷

Riniki Bhuyan subsidy scam
Riniki Bhuyan subsidy scam

গুৱাহাটী,২৬ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি শৰ্মা ভূঞাই ৰাজসাহায্য লাভ কৰা বিষয়টো এইবাৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিগোচৰ কৰা হৈছে ।

উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পত্নীৰ ভূমি কেলেংকাৰী আৰু কেন্দ্ৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰ বিষয়টো শেহতীয়াকৈ ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষভাৱে চৰ্চা লাভ কৰিছিল ।

এই বিষয়টোক লৈ সামাজিক মাধ্যমত বিশেষভাৱে সৰৱ হৈ আছিল সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ । আনকি সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মাজত যুক্তিতৰ্কও চলিছিল ।

আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰো ৰুজু কৰিছে । তৎস্বত্বেও কিন্তু এই বিষয়টোক লৈ এতিয়াও ক্ষান্ত হোৱা নাই সাংসদ গৌৰৱ গগৈ ।

এইবাৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীৰ পত্নীৰ মালিকানাধীন কোম্পানীয়ে কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰা ১০ কোটি টকাৰ ৰাজসাহায্যৰ বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ দৃষ্টি আকর্ষণ কৰিবৰ বাবে আজি প্ৰধানমন্ত্রীলৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰে ।

প্ৰধানমন্ত্রীলৈ পত্র প্ৰেৰণ সাংসদ গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি সাংসদ গৌৰৱ গগৈয়ে পত্রযোগে কয়,‘‘কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ দ্বাৰা কাৰ্যকৰী কৰা ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা’ আঁচনিৰ ৰাজসাহায্য অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যলৈ আগবঢ়োৱা হৈছে ।

এইটো লক্ষ্য কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা’ আৰু কৃষি ক্লাষ্টাৰৰ আন্তঃগাঁথনি সৃষ্টিৰ আঁচনিৰ বাবে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ প্ৰাইভেট লিমিটেড ১০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে ।’

এই ৰাজসাহায্য লাভ কৰা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে ২২ মাৰ্চত লোকসভাত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে দিয়া তথ্যৰ বিৱৰণি দাঙি ধৰে । লোকসভাত দাখিল কৰা তালিকাৰ প্ৰসংগ উল্লেখ কৰি সাংসদ গগৈয়ে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ১০ কোটি টকাৰ বিত্তীয় অনুমোদন লাভৰ তথ্য সদৰী কৰে ।

পত্রখনত সাংসদ গগৈয়ে মেচাৰ্ছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামটো কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ ৱেবছাইটত হিতাধিকাৰীৰ তালিকাত পোৱা যাব বুলিও সদৰী কৰে ।

সাংসদ গগৈয়ে প্ৰধানমন্ত্রীলৈ দিয়া পত্রখনত উল্লেখ কৰে যে অসমত খাদ্য প্ৰক্ৰিয়াকৰণৰ অভিজ্ঞতা সম্পন্ন ক্ষুদ্ৰ আৰু মজলীয়া বহু উদ্যোগী আৰু উদ্যোগ আছে । কিন্তু তেওঁলোকক উপেক্ষা আৰু বঞ্চিত কৰি মিডিয়া উদ্যোগৰ লগত জড়িত এটা কোম্পানীক এনেদৰে বাচনি কৰি তেওঁলোকৰ প্ৰতি ঘোৰ অন্যায় কৰিছে ।

আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটৰ প্ৰসংগ উল্লেখ কৰি পত্রখনত সাংসদ গগৈয়ে কয়,‘‘১৪ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি কৈছিল যে হয় বিজেপি নেতাৰ পৰিয়ালৰ সকলো সদস্যৰ নিজৰ কোম্পানী চলাবলৈ অধিকাৰ আছে আৰু চৰকাৰী সাহায্য বিচৰাৰ অধিকাৰ আছে যদি তেওঁলোক তাৰ অধিকাৰী হয় ।’’

সাংসদ গগৈয়ে সঠিক হিতাধিকাৰীক চৰকাৰী সাহায্য প্ৰদানৰ বাবে প্ৰধানমন্ত্রীৰ প্ৰতি আহ্বান জনাই এই সমগ্ৰ বিষয়টোত প্ৰধানমন্ত্রীৰ হস্তক্ষেপ কামনা কৰে । অৱশ্যে সাংসদ গৌৰৱ গগৈৰ এই পত্রক প্ৰধানমন্ত্রীয়ে কিদৰে গ্ৰহণ কৰে সেয়া সময়েহে ক'ব

লগতে পঢ়ক:Assam CM wife land scam: প্ৰসংগ-১০ কোটি টকাৰ ৰাজসাহায্য; মুখ্যমন্ত্রী আৰু গৌৰৱ গগৈৰ টুইট যুদ্ধ

ABOUT THE AUTHOR

...view details