গুৱাহাটী, ২১ আগষ্ট : কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ সদস্যত অন্তভুক্ত হোৱা পাচতে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰ্তাই সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জনায় ৷ সোমবাৰে ৰাজীৱ ভৱনত সাংসদ গৌৰৱক সম্বৰ্ধনা জনোৱাৰ পাচতে এক সংবাদমেল সম্বোধন কৰে সাংসদগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী, মন্ত্ৰী পীযুষ হাজৰীকাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপি দুৰ্বল হৈছে, বিজেপিয়ে জাতি মাটি ভেটি ৰক্ষাৰ নামত একো কৰা নাই বুলি সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
তেওঁ আৰু কয়,‘‘বিজেপি দল দুৰ্বল হৈছে । সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰে । নিজকে বহুত শক্তিশালী বুলি কোৱা বিজেপিৰ সন্মুখৰ পৰা যুঁজিবলৈ সাহস নাই । নিৰ্বাচনৰ ৭ মাহ পূৰ্বে নিৰ্বাচনী আয়োগৰ সহায় লৈ অসমৰ নক্সা সলনি কৰিবলৈ চেষ্টা কৰিছে ৷ সেইটো বিজেপিৰ সাংগঠনিক দুৰ্বলতাক প্ৰকাশ কৰে । বিজেপি দলৰ ভিতৰত বিভাজনে তাক প্ৰকাশ কৰিছে ৷ কংগ্ৰেছত জ্যেষ্ঠ নেতাক সন্মান জনোৱা হয় ৷ বিজেপিৰ দৰে ন-পুৰণি নেতাৰ মাজত বিভেদ নাই ৷’’
সাংসদ গৌৰৱে আৰু কয় যে , সমগ্ৰ ভাৰতবৰ্ষতে জনসাধাৰণ জাগ্ৰত হৈছে । ২০২৪ ত কেন্দ্ৰত আমাৰ চৰকাৰ আহিব । অসমতো ১৪ টা লোকসভা সমষ্টিত ফলাফল ভাল হ’ব । যেতিয়ালৈ বিজেপি শাসনত থাকিব মহিলাই নিৰাপত্তা নাপাব, মূল্যবৃদ্ধি হৈ থাকিব আৰু তেওঁলোকৰ ছিণ্ডিকেটৰ ৰাজনীতি বহল হ’ব । ২০২৪ ত বিজেপিয়ে অসমত মিছন ১২ ৰ কথা কৈছে কিন্তু ৰাইজে মিছন চাটাই আৰম্ভ কৰিছে । বহু বিজেপি সাংসদে এইবাৰ টিকট নাপাব ৷