গুৱাহাটী, 16 জুলাই : ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে চন্দ্ৰপুৰবাসীয়ে ৷ স্পষ্ট মত চন্দ্ৰপুৰবাসীয়ে কেতিয়াও চন্দ্ৰপুৰত স্থাপন হ'বলৈ নিদিয়ে ডাম্পিং গ্ৰাউণ্ড ৷ সেই অনুসৰিয়ে শুকুৰবাৰে চন্দ্ৰপুৰৰ সূতাকল খেলপথাৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে শতাধিক ৰাইজে ৷
এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লেকাৰ্ড লৈ শতাধিক লোকে অংশগ্ৰহণ কৰি চৰকাৰৰ তথা GMD ৰ বিৰুদ্ধে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিষয়ক লৈ ক্ষোভ প্ৰকাশ কৰে ৷ এই কাৰ্যসূচীৰ পাচতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈকে উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল ৷ সমদলৰ সময়তে চৰকাৰৰ তথা GMD বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীয়ে ৷
ইফালে, প্ৰতিবাদস্থলীত শুকুৰবাৰে উপস্থিত হয় কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী অকন বৰা আৰু যুৱ কংগ্ৰেছৰ নেতা মানস বৰা । প্ৰতিবাদত অংশ লৈ গৌৰৱ গগৈয়ে কয়, "ৰাজনীতি কৰিবলৈ নহয়, ৰাইজৰ অনুমতি সাপেক্ষেহে ৰাইজৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰা হৈছে ৷ লগতে প্ৰতিবাদস্থলীত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ গৰাকী ৷"