গুৱাহাটী, 20 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্ৰ অসমত হোৱা প্ৰতিবাদৰ পিচত ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদকাৰী সকলক উদ্দেশ্যি সমালোচনা কৰিছিল ৷ ইয়াৰ পিচতে শুকুৰবাৰে সাংসদ গৌৰৱ গগৈয়ে ওভতি ধৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ সাম্প্ৰদায়িক মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাই সাংসদ গৌৰৱ গগৈয়ে ৷
সাম্প্ৰদায়িক মন্তব্য দিয়া মন্ত্ৰী হিমন্তকো গ্ৰেপ্তাৰ কৰকঃ গৌৰৱ গগৈ - বহুবল্কী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে বহুবল্কী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জগৰীয়া বুলি অভিযোগ কৰে সাংসদগৰাকীয়ে। আনহাতে মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩,২৯৫,২৯৮ নং ধাৰাত গোচৰ ৰুজু হ'ব লাগে বুলি উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে।
নলবাৰীত বিজেপিয়ে উলিওৱা শান্তি সমদলক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে। "অসমত অশান্তিৰ জুই জ্বলাই গেৰুৱা বাহিনীয়ে শান্তিৰ সমদল উলিয়াইছে"। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে বহুবল্কী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জগৰীয়া বুলি অভিযোগ কৰে সাংসদগৰাকীয়ে। আনহাতে মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩,২৯৫,২৯৮ নং ধাৰাত গোচৰ ৰুজু হ'ব লাগে বুলি উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে। সুবিধাবাদী অগপকো তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই সাংসদগৰাকীয়ে। ইফালে শাসক পক্ষই ভয়-ভাবুকিৰে প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে। অখিল গগৈ আৰু যুৱ কংগ্ৰেছৰ সদস্যক টাৰ্গেট কৰি আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে বুলিও ক'লে সাংসদগৰাকীয়ে। তাৰোপৰি কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত যুজি যোৱাৰ কথাও উল্লেখ কৰিলে সাংসদগৰাকীয়ে।
লগতে পঢ়কঃCAA আন্দোলনৰ প্ৰথম ছহিদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন