অসম

assam

ETV Bharat / state

Assam CM wife Subsidy Controversy : মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহাৰ্যক লৈ সত্য নিৰূপণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ গৌৰৱ গগৈৰ পত্ৰ

অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ কেন্দ্ৰীয় আঁচনিৰ বৃহৎ পৰিমাণৰ ৰাজসাহাৰ্যক লৈ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ সাংসদ গৌৰৱ গগৈৰ পত্ৰ ৷ ৰাজহুৱা স্বচ্ছতাৰ স্বাৰ্থত বিষয়টোত মন্ত্ৰীগৰাকীৰ সদয় হস্তক্ষেপৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে সাংসদগৰাকীয়ে ৷

MP Gaurav Gogoi Letter to Minister Piyush Goyal
মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহাৰ্য সন্দৰ্ভত সাংসদ গৈৰৱ গগৈৰ পত্ৰ

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 7:56 PM IST

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ সাংসদ গৌৰৱ গগৈৰ পত্ৰ ৷ বিষয়, অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ কেন্দ্ৰীয় আঁচনিৰ বৃহৎ পৰিমাণৰ ৰাজসাহাৰ্য লাভ বিতৰ্ক ৷ পত্ৰখনৰ যোগেদি প্ৰতিষ্ঠিত মিডিয়া চেনেলৰ পৰিৱৰ্তে প্ৰকৃত আৰু প্ৰয়োজন থকা হিতাধিকাৰীকহে যি কৰদাতাৰ ধনৰ সঠিক ব্যৱহাৰ কৰিব, তেনে প্ৰতিষ্ঠানকহে চৰকাৰী অনুমোদন দিবলৈ পীয়ুষ গোৱেলক অনুৰোধ জনাইছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কোম্পানীয়ে কেন্দ্রীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহাৰ্য লাভ কৰা বিষয়টোক লৈ কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেললৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্রেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ গৌৰৱ গগৈৰ পত্ৰ

গৌৰৱ গগৈৰ পত্ৰখনৰ পূৰ্ণপাঠ-

“প্ৰিয় শ্ৰী পিয়ুষ গোৱেল, ভাৰত চৰকাৰৰ খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ (PMKSY) ৰাজসাহাৰ্য অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যক আবণ্টন দিয়াৰ বিষয়টোৰ প্ৰতি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই পত্ৰ লিখিছোঁ ৷"

সাংসদ গৰাকীয়ে লিখিছে যে, "জানিব পৰা গৈছে যে প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা (PMKSY) আৰু কৃষি সংহত আন্তঃগাঁথনি সৃষ্টিৰ আঁচনিৰ অধীনত খাদ্য সংশাধন মন্ত্ৰালয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন M/S Pride East Entertainment লৈ ১০,০০,০০,০০০.০০টকা (দহ কোটি টকা) অনুমোদন জনাইছে ৷ ২২ মাৰ্চ, ২০২৩ তাৰিখে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লোকসভাত উদ্যোগসমূহৰ প্ৰসাৰত সহায় কৰাৰ উদ্দেশ্যে অসমত বিনিয়োগ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিবা উদ্যোগ গ্ৰহণ কৰিছে নেকি সোধা বুলি সোধাৰ প্ৰশ্নৰ উত্তৰত উত্তৰ-পূবৰ ৰাজ্যসমূহত PMKSY আঁচনিৰ অধীনত খাদ্য সংশাধন প্ৰকল্পসমূহৰ ৩১-০১-২০২২ তাৰিখেলৈকে এখন তালিকা দিয়ে ৷"

তেওঁ আৰু লিখিছে যে, "তালিকাৰ ৭ নং ক্ৰমত এম/এছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নাম উল্লেখ কৰা হৈছে ৷ প্ৰাসংগিকভাৱে অনুমোদিত অনুদান-সাহাৰ্যৰ পৰিমাণ ১০,০০,০০,০০০ টকা (দহ কোটি টকা) বুলি উল্লেখ কৰা হৈছে ৷ খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইটতো হিতাধিকাৰীৰ তালিকা পোৱা যাব ৷ লোকসভাত আপোনাৰ উত্তৰ আৰু খাদ্য সংশাধন উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইটত থকা হিতাধিকাৰীৰ তালিকাৰ পৰা স্পষ্ট যে এম/এছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত ১০,০০,০০,০০০ কোটি (দহ কোটি টকা) অনুমোদন জনোৱা হৈছে ৷ আনহাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যাৰ পৰিয়ালৰ সদস্য উক্ত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আৰু নিয়ন্ত্ৰিত, তেঁও ভাৰত চৰকাৰৰ পৰা কোনোধৰণৰ ধন আবন্টন আৰু দাবী কৰাৰ কথা অস্বীকাৰ কৰিছে ৷"

সাংসদ গৈৰৱ গগৈয়ে পত্ৰখনত আৰু উল্লেখ কৰিছে যে, "গতিকে ৰাজহুৱা স্বচ্ছতাৰ স্বাৰ্থত বিষয়টোত আপোনাৰ সদয় হস্তক্ষেপৰ বাবে বিনম্ৰ অনুৰোধ জনাইছো যাতে প্ৰকৃত তথ্য মুকলিলৈ ওলাই আহে ৷ মোৰ বিনম্ৰ মত যে নতুন ব্যৱসায়ত যোগদান কৰিব বিচৰা প্ৰতিষ্ঠিত মিডিয়া চেনেলবোৰে বিত্তীয় খণ্ডৰ পৰা ধন ঋণ বিচাৰিব লাগে | কৰদাতাৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ বিশেষ দক্ষতা প্ৰদৰ্শন কৰা প্ৰকৃত আৰু প্ৰয়োজন থকাহিতাধিকাৰীকহে চৰকাৰী নিশ্চিত অনুদান দিব লাগে |

ধন্যবাদেৰে,

গৌৰৱ গগৈ ৷”

ইতিমধ্যেই সামাজিক মাধ্যম Xৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই বিষয়টো লৈ সমুখ যুদ্ধত নমাৰ উপৰিও সংবাদমেলৰ যোগেদিও হিমন্ত বিশ্ব শৰ্মাক ধাৰাবাহিকভাৱে প্ৰত্যাহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে ৷ প্ৰসংগটোৱে ৰাষ্ট্ৰীয় পৰ্যায়তো বহুল চৰ্চা লাভ কৰিছে ৷ যিটো যথেষ্ট অস্বস্তিকৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে ৷ এতিয়া গৌৰৱ গগৈয়ে একেটা বিষয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ তথা বিশ্বাসৰ পাত্ৰ বুলি পৰিচিত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেললৈ সোমবাৰে পত্ৰ প্ৰেৰণ কৰিছে ৷ যিটো ৰাজনৈতিকভাৱেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক :Ranee Narah Summoned By CM Vigilance: মঙলবাৰে চিএম ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ’ব প্ৰাক্তন সাংসদ ৰাণী নৰহ

ABOUT THE AUTHOR

...view details