অসম

assam

ETV Bharat / state

Mp Gaurav Gogoi: নৱ গঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীত অন্তৰ্ভুক্ত সাংসদ গৌৰৱ গগৈ - মল্লিকাজুৰ্ন খাৰ্গে

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নৱ গঠিত ৱৰ্কিং কমিটীত অন্তৰ্ভুক্ত সাংসদ গৌৰৱ গগৈ ৷ অসমৰ পৰা একমাত্ৰ গৌৰৱ গগৈক কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে ৷

Newly formed Congress Working Committee
কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পুনৰ গঠন

By

Published : Aug 20, 2023, 5:19 PM IST

Updated : Aug 20, 2023, 6:52 PM IST

গুৱাহাটী, 20 আগষ্ট:নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নৱ গঠিত ৱৰ্কিং কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ সাংসদ গৌৰৱ গগৈক ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰধান নীতি-নিৰ্ধাৰণ কমিটি হিচাবে পৰিগণিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটি চমুকৈ চি ডব্লিউ চিখন দেওবাৰে দলৰ সভাপতি মল্লিকাজুৰ্ন খাৰ্গেই গঠন কৰি ঘোষণা কৰে ৷ অসমৰ পৰা একমাত্ৰ গৌৰৱ গগৈক কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল স্বাক্ষৰিত বিবৃত্তি যোগে এই কথা জনোৱা হয় ৷ কংগ্ৰেছ ৱৰ্কিং কমিটিত মুঠ 39 গৰাকী সদস্য আছে ৷ কংগ্ৰেছ দলৰ সৰ্বোচ্চ কমিটিখনত অসমৰ সাংসদগৰাকীয়ে স্থান পোৱাক লৈ স্বাভাৱিকতেই অসমৰ কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে ৷

নতুনকৈ গঠন হ’ল কংগ্ৰেছ ৱৰ্কিং কমিটী

উল্লেখ্য যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই দেওবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটি পুনৰ গঠন কৰিছে ৷ এই কমিটিখনত নতুন সদস্য হিচাবে কংগ্ৰেছ নেতা শচীন পাইলট, শশী থাৰুৰ, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, আনন্দ শৰ্মা আৰু অসমৰ গৌৰৱ গগৈক অন্তৰ্ভুক্ত কৰা হৈছে ৷

নতুনকৈ গঠন হ’ল কংগ্ৰেছ ৱৰ্কিং কমিটী

তদুপৰি নাছিৰ হুছেইন, অলকা লাম্বা, সুপ্ৰিয়া শ্ৰীনেট, প্ৰাণিতি শিন্দে, পৱন খেৰা, গণেশ গোদিয়াল, যশোমতী ঠাকুৰকে ধৰি আন নেতাসকলকো কংগ্ৰেছ ৱৰ্কিং কমিটিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷

নতুনকৈ গঠন হ’ল কংগ্ৰেছ ৱৰ্কিং কমিটী

লক্ষণীয় বিষয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীত কংগ্ৰেছে ইয়াৰ ৱৰ্কিং কমিটিৰ নতুন সদস্যসকলৰ নাম ঘোষণা কৰিছে ৷ উল্লেখ্য যে বিগত বছৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে যুঁজ দিয়া শশী থাৰুৰকো কমিটিখনত অন্তৰ্ভুক্ত কৰা হৈছে ৷

নতুনকৈ গঠন হ’ল কংগ্ৰেছ ৱৰ্কিং কমিটী

জানিব পৰা মতে কংগ্ৰেছ ৱৰ্কিং কমিটিত অন্তৰ্ভুক্ত কৰা মুঠ 39 গৰাকী সদস্যৰ ভিতৰত মাত্ৰ তিনিজন সদস্যৰ বয়স 50 বছৰৰ তলৰ ৷

আনহাতে কমিটিখনত পাৰমানেণ্ট ইনভাইটি আৰু ইনচাৰ্জ হিচাবে আছে 32 গৰাকী আৰু বিশেষ আমন্ত্ৰিত হিচাবে আছে 9 গৰাকী ৷ উল্লেখ্য যে সংসদত সদায়ে বিশেষভাৱে সৰব ভূমিকা পালন কৰি অহা অসমৰ সাংসদ গৌৰৱ গগৈয়ে শেহতীয়াকৈ মণিপুৰৰ প্ৰসংগক লৈ সদনত প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছিল ৷

তেওঁৰ সেই সমালোচনাই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছিল ৷ অৱশেষত তেওঁ কংগ্ৰেছৰ সৰ্বোচ্চ কমিটিত স্থান লাভ কৰিবলৈ সক্ষম হ'ল ৷

লগতে পঢ়ক :Rajiv Gandhi 79th birth anniversary : জন্ম দিৱসত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক সুঁৱৰিলে কংগ্ৰেছৰ লগতে বিজেপি দলে

Last Updated : Aug 20, 2023, 6:52 PM IST

ABOUT THE AUTHOR

...view details