অসম

assam

By

Published : Nov 6, 2020, 10:53 PM IST

ETV Bharat / state

পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

পাকিস্তান জিন্দাবাদ ধ্বনি সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ মন্তব্য ৷ আৰক্ষী-প্ৰশাসনৰ সন্মুখত পাকিস্তান জিন্দাবাদ ধ্বনি কেনেকৈ দিব পাৰিলে বুলি প্ৰশ্ন উত্থাপন সাংসদগৰাকীৰ ৷

MP gaurab gogoi reaction on pakistan zindabad
পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,6 নৱেম্বৰ : এইবাৰ পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি । শুকুৰবাৰে শিলচৰ বিমানবন্দৰত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক আদৰিবলৈ গৈ একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ অভিযোগ শাসকীয় বিজেপি দলৰ ।

আনহাতে,বিজেপিৰ এই অভিযোগৰ পাচতে সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,‘‘যদিহে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল, সেই সময়ত আৰক্ষীয়ে কি কৰি আছিল? আৰক্ষী-প্ৰশাসনৰ সন্মুখত পাকিস্তান জিন্দাবাদ ধ্বনি কেনেকৈ দিব পাৰিলে?’’

পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ইয়াৰোপৰি তেওঁ কয় যে,‘‘শিলচৰ আৰক্ষীয়ে এঘণ্টাৰ ভিতৰত চিচি টিভিৰ ফুটেজ চাই দোষীক কৰায়ত্ত কৰক। দোষীক কৰায়ত্ত কৰিব নোৱাৰিলে স্থানীয় আৰক্ষী সকলোকে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে’’ ।

লগতে পঢ়ক :বঙাইগাঁও পৌৰ সভাৰ ব্যতিক্ৰমী পদক্ষেপ

ABOUT THE AUTHOR

...view details