গুৱাহাটী, ১৭ অক্টোবৰ: মুখ খুলিছে বিজেপি সাংসদ দিলীপ শইকীয়াই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে বিজেপিৰ বৰ্তমানৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক সমষ্টিহীন কৰিলেও নতুন সমষ্টি দৰং-ওদালগুৰিত ২০২৪ ত পুনৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে দিলীপ শইকীয়া ৷ বিপৰীতে দৰং ওদালগুৰি লোকসভা সমষ্টিত নতুন প্ৰাৰ্থিত্বৰ দাবীদাৰে বৰ্তমানৰ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ প্ৰাৰ্থিত্বলৈ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে ৷ তাৰ মাজতে মঙলবাৰে এই বিষয়ত মুখ খুলিছে বিজেপি সাংসদ গৰাকীয়ে ।
এফালে বিজেপিৰ প্ৰবীণ নেতা ৰমেন ডেকা আৰু আনফালে কোচ ৰাজবংশী জনগোষ্ঠীয় নেতা তথা বিজেপিৰ কৰ্মকৰ্তা প্ৰণৱ নাৰায়ণ দেৱ দুয়োজনেই দৰং ওদালগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি এইবাৰ প্ৰত্যাহ্বান আনিছে দিলীপ শইকীয়ালৈ ৷ “ক’ৰবাত যদি মোৰ বিৰুদ্ধে কিবা আহিছে তেন্তে সেয়া মোৰ দুৰ্বলতা ৷ কোনোবাই যদি ভাবিছে দিলীপ শইকীয়াৰ বাটৰ হেঙাৰ হ’ব তেন্তে মই ভাবো ভগৱান সহায় থাকিলে কোনো মোৰ হেঙাৰ হ’ব নোৱাৰে ৷” সাংবাদিকৰ প্ৰশ্নত গুৱাহাটীৰ বশিষ্ঠৰ বাজপেয়ী ভৱনত মন্তব্য দিলীপ শইকীয়াৰ ৷
আনহাতে সাংসদজনক কোচ ৰাজবংশী প্ৰভাৱিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা প্ৰসংগত তেওঁ কয়, “মই দৰং ওদালগুৰিৰ বিভিন্ন অঞ্চলত ঘুৰি ফুৰিছো, কোনেওটো মোক বাধা দিয়া নাই ৷ কোনো সংগঠনৰ লোকে মোক বাধা দিয়া নাই ৷ কোনো সংগঠনৰ নেতাই মোক মাত এষাৰো দিয়া নাই ৷ মাত দিয়া হ’লে কথা পাতিব পাৰিলোহেঁতেন ৷ জাতিক লৈ যিবিলাক ৰাজনীতি হৈছে, বিজেপিত এইবিলাকৰ স্থানেই নাই ৷”