অসম

assam

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিযুক্ত সাংসদ দিলীপ শইকীয়া

By

Published : Sep 26, 2020, 7:56 PM IST

বিজেপিৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সমিতিত সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ আসনত অধিষ্ঠিত হোৱা শইকীয়াই হৈছে অসমৰ প্ৰথমজন প্ৰতিনিধি ।

mp dilip saikia appointed as national general sectary of  bjp
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিযুক্ত সাংসদ দিলীপ শইকীয়া

গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়া হৈছে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক । শনিবাৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শইকীয়াক এই দায়িত্ব ন্যস্ত কৰে । বিজেপিৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সমিতিত সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ আসনত অধিষ্ঠিত হোৱা শইকীয়াই হৈছে অসমৰ প্ৰথমজন প্ৰতিনিধি ।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিযুক্ত সাংসদ দিলীপ শইকীয়া

উল্লেখযোগ্য যে আজি একেলগে দলটোৰ ১২ গৰাকী উপ সভাপতি, ৮ গৰাকী সাধাৰণ সম্পাদক, এগৰাকী সাধাৰণ সম্পাদক (সাংগঠনিক), তিনিগৰাকী সহকাৰী সাংগঠনিক সম্পাদক আৰু এগৰাকী সম্পাদকক নিযুক্তি দিয়া হয় । দিলীপ শইকীয়াক দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই এনে এক গুৰু দায়িত্ব অৰ্পণ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যিক বিজেপিৰ কৰ্মী । ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসেও এই নতুন দায়িত্বৰ বাবে অভিনন্দন জনাইছে সাংসদ দিলীপ শইকীয়াক ।

লগতে পঢ়কঃ SI নিযুক্তি কেলেংকাৰীঃ নলবাৰীৰ পৰা পুনত তিনিজনক আটক

ABOUT THE AUTHOR

...view details