অসম

assam

ETV Bharat / state

Ajit Kumar Bhuyan suspended: ৰাজ্যসভাৰ পৰা নিলম্বিত সাংসদ অজিত কুমাৰ ভূঞা

অসম চুক্তিৰ ৬ নং দফা আৰু বান সমস্যাৰ প্ৰসংগক লৈ সদনত সৰৱ সাংসদ অজিত কুমাৰ ভূঞা । অসমৰ প্ৰসংগত কথা কোৱাৰ সুযোগ নিদিয়াৰ বাবে সদনত অসমৰ বান সমস্যা আৰু ৬ নং দফা সন্দৰ্ভত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত । ৰাজ্যসভাৰ চলিত সপ্তাহটোৰ বাকী থকা দিনকেইটাৰ কাৰ্যসূচীৰ পৰা নিলম্বিত (MP Ajit Kumar Bhuyan suspended from Rajya Sabha) ।

MP Ajit Kumar Bhuyan protest in Rajya Sabha
ৰাজ্যসভাৰ পৰা নিলম্বিত হ'ল সাংসদ অজিৎ কুমাৰ ভূঞা

By

Published : Jul 28, 2022, 7:45 PM IST

গুৱাহাটী, ২৮ জুলাই : এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হ'ল সাংসদ অজিত কুমাৰ ভূঞাক । অসম চুক্তিৰ ৬ নং দফা আৰু বান সমস্যাৰ প্ৰসংগক লৈ আজি অৰ্থাৎ বৃহস্পতিবাৰে সদনত সৰৱ হৈ পৰে সাংসদ ভূঞা । যাৰ বাবে তেওঁক সদনৰ পৰা নিলম্বন কৰা হয় (MP Ajit Kumar Bhuyan suspended from Rajya Sabha)।

তেওঁ কয় যে, ৰাজ্যসভাত তেওঁক অসমৰ প্ৰসংগত কথা কোৱা সুযোগ নিদিয়াৰ বাবেই আজি তেওঁ সদনত অসমৰ বান সমস্যা আৰু ৬ নং দফা সন্দৰ্ভত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (MP Ajit Kumar Bhuyan protest in Rajya Sabha)। লগতে তেওঁ কয় যে, অসমক বান সাহায্য দিয়াৰ নামত ‘ললিপপ’ দিয়া কাৰ্য বন্ধ কৰক ।

ৰাজ্যসভাৰ পৰা নিলম্বিত হ'ল সাংসদ অজিৎ কুমাৰ ভূঞা

লগতে তেওঁ প্ৰধানমন্ত্ৰীক অসমৰ প্ৰতি কৰা চৰম অবমাননাৰ বাবে সমালোচনা কৰে । আনহাতে, তেওঁ অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ বাবে অসম চুক্তিৰ ৬ নং দফা বিষয়ক কমিটীৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ দাবী জনায় । তেওঁ কয়, মূলতঃ এই দুটা দাবীত আজি মই ৰাজ্যসভাত এখন প্লেকাৰ্ড লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছিলোঁ ।

সেয়াই মোৰ অপৰাধ আছিল বুলি উল্লেখ কৰি তেওঁ কয়- সেই অপৰাধতে মোক ৰাজ্যসভাৰ চলিত সপ্তাহটোৰ বাকী থকা দিনকেইটাৰ কাৰ্যসূচীৰ পৰা নিলম্বিত কৰা হ'ল । এয়াই নেকি গণতন্ত্ৰ ?

ৰাজ্যসভাৰ পৰা নিলম্বিত হ'ল সাংসদ অজিৎ কুমাৰ ভূঞা

তেওঁ লগতে কয়- যদি নৰেন্দ্ৰ মোডী চৰকাৰে ভাবিছে যে, মোক নিলম্বিত কৰিলেই মই মাত মাতিবলৈ বন্ধ কৰি দিম, অসমৰ ৰাইজৰ সমস্যাক লৈ নিৰুদ্বিগ্ন হৈ পৰিম, ভয়ত হাত-ভৰি পেটত লুকুৱাই মোৰ ৰাজ্যৰ জনতাৰ দুখ, ক্ষোভৰ কথা মোৰ মুখেৰে নোলোৱা হ'ব, তেন্তে সেয়া তেওঁলোকৰ ভ্ৰম ।

লগতে পঢ়ক :Sarbananda Sonowal press conference: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কৰা অপমানৰ বাবে কংগ্ৰেছে ক্ষমা খোজক

ABOUT THE AUTHOR

...view details