গুৱাহাটী, 5 জুলাই : বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছিল 12 টাকৈ বিৰোধী ৰাজনৈতিক দল । কিন্তু 12 টা দলৰ ঐক্য শক্তিশালী হোৱাৰ পূৰ্বেই তেওঁলোকৰ ঐক্যত আউল লাগিল । এই ঐক্যৰ পৰা আঁতৰি গ'ল আম আদমি পাৰ্টী চমুকৈ আপ । আনহাতে ইটিভি ভাৰতৰ বাতৰিৰো সত্যতা প্ৰমাণিত হ'ল । পূৰ্বৰ প্ৰতিবেদনত কোৱা হৈছিল যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী মঞ্চৰ পৰা আঁতৰ হ'ব আম আদমি পাৰ্টী চমুকৈ আপ ।
ইটিভি ভাৰতৰ 30 জুনত প্ৰকাশিত 'কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা 12 টা বিৰোধী দলৰ পৰা আঁৰত হ'ব আপ' শীৰ্ষক বাতৰিটোৰ পাছতে 2 জুলাইত আপৰ তেজপুৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কংগ্ৰেছৰ নেতৃত্বৰ ঐক্যমঞ্চত আপে নথকাৰ সিদ্ধান্ত লয় । আপৰ এই ঘোষণাৰ পিচতে বিৰোধী ঐক্যমঞ্চত একপ্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে । বিজেপিৰ বিৰুদ্ধে ঐক্যৱদ্ধ যুঁজ দিয়াৰ আৰম্ভণিতে বিৰোধী ঐক্যমঞ্চত লাগিছে কেণা ।
অসমত বিৰোধী ঐক্যমঞ্চৰ অন্যতম দল আপে আৰম্ভণিতেই ছত্ৰভংগ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ দল আঞ্চলিক গণমৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই । ঐক্যমঞ্চৰ পৰা আপ এইদৰে আঁতৰ হোৱাৰ আঁৰত বিজেপিৰে হাত থাকিব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে । ৰাজ্যত 'তিনি গগৈ'ৰ ৰাজনীতি তুংগত থকাৰ সময়তে আপে বিৰোধী ঐক্যমঞ্চ এৰিলে । আপৰ মতে কংগ্ৰেছ বিজেপিৰ বিকল্প নহয় ।