অসম

assam

ETV Bharat / state

অখিল গগৈক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ - বিধানসভা নিৰ্বাচন

অখিল গগৈয়ে কাৰো লগত আলোচনা নকৰাকৈ আগতিয়াকৈ প্ৰাৰ্থী দিলে। অলোচনা কৰা হ'লে আমি বেলেগ ধৰণে চিন্তা কৰিলো হয়। প্ৰাৰ্থী ঘোষণা কৰি অখিল গগৈয়ে বিৰোধী ঐক্যৰ কথা কোৱাটো অৰ্থহীন।

অখিল গগৈক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ
অখিল গগৈক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

By

Published : Sep 29, 2021, 9:11 PM IST

গুৱাহাটী, ২৯ ছেপ্তেম্বৰ: বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটবন্ধন বৰ্তমান অস্তিত্বহীন । মহাজোঁটবন্ধন নাথাকিলেও উপ-নিৰ্বাচনত বিজেপি বিৰোধী শক্তিসমূহক ঐক্যবদ্ধ হোৱাৰ বাবে পুনৰ আহ্বান জনালে পাঁচটাকৈ বাওঁ-গণতান্ত্ৰাণিক ৰাজনৈতিক দলে ।

অখিল গগৈক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

আঞ্চলিক গণ মৰ্চা, চি পি আই, চি পি আই(এম), চি পি ‍আই(এম এল) আৰু ৰাষ্ট্ৰীয় জনতা দলে উপ-নিৰ্বাচনত ঐক্যবদ্ধভাৱে অবতীৰ্ণ হ'ব যদিও এতিয়াও কোনোধৰণৰ আলোচনাত মিলিত হোৱা নাই । বুধবাৰে এখন সংবাদমেলত আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই কয়, এতিয়ালৈকে আমি কোনো উপ-নিৰ্বাচন সন্দৰ্ভত কোনো সিদ্ধান্তত উপনীত হোৱা নাই । কিন্তু থাওৰা সমষ্টিত চিপিআই দলে অধিবক্তা কৃষ্ণ গগৈক প্ৰাৰ্থীত্ব দিছে আৰু তেওঁক আমি সমৰ্থন জনাইছো । বাকী সমষ্টিকলৈ কোনো কথা এতিয়ালৈকে হোৱা নাই ।

ৰাইজৰ দলে থাওৰা সমষ্টিত প্ৰাৰ্থী দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, অখিল গগৈয়ে কাৰো লগত আলোচনা নকৰাকৈ আগতিয়াকৈ প্ৰাৰ্থী দিলে । অলোচনা কৰা হ'লে আমি বেলেগ ধৰণে চিন্তা কৰিলো হয় । প্ৰাৰ্থী ঘোষণা কৰি অখিল গগৈয়ে বিৰোধী ঐক্যৰ কথা কোৱাটো অৰ্থহীন । আচলতে অখিল গগৈয়ে অধিবক্তা কৃষ্ণ গগৈৰ প্ৰতি সমৰ্থন আগবঢ়াব লাগিছিল।

লগতে পঢ়কঃ বেদখলকাৰীৰ কবলত ১০ খন জিলাৰ চৰাঞ্চলৰ চাৰে দহ লাখ বিঘা মাটি

ABOUT THE AUTHOR

...view details