গুৱাহাটী,২১ জুন: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মঙলবাৰে নিৰ্বাচন আয়োগে প্রকাশ কৰা খচৰাক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ নিৰ্বাচন আয়োগৰ খচৰা অনুসৰি লোকসভা আৰু বিধানসভাত সমষ্টিৰ সংখ্যা একেই ৰখা হৈছে যদিও চাৰিসীমাৰ ব্যাপক পৰিৱৰ্তন কৰা হৈছে ৷ এই খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটাৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ৷
তেওঁ কয় যে, ২০২৬ চনত দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব ৷ সেই সময়ত সংসদৰ আসনৰ সংখ্যা ৮০০ লৈ বৃদ্ধি পাব ৷ দুবছৰ পাছত যিহেতু দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, তাৰ বাবে অপেক্ষা নকৰি অসমত এতিয়া কৰিব বিচৰাটো ৰাজহুৱা অৰ্থৰ অপচয় ৷ এইটো সম্পূৰ্ণ অৰ্থহীন ৷ এই প্ৰক্ৰিয়াত বিধানসভাৰ আৰু লোকসভাৰ আসন বৃদ্ধি নহয় ৷ চৰকাৰে কৰিব বিচাৰিছে বাবে কৰিছে ৷
সাংসদ খালেকে লগতে কয় যে, এই কাম সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ দ্বাৰা হ'ব লাগে যদিও তাকে নকৰি নিৰ্বাচন আয়োগে কৰিব বিচাৰিছে ৷ ইয়াত কোনো সৰ্বদলীয় কমিটী নাই ৷ মঙলবাৰে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন নামতেহে নিৰ্বাচন আয়োগৰ খচৰা ৷ প্ৰকৃততে এইখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ খচৰা ৷