গুৱাহাটী, 4 জুনঃ বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগাই মঙলবাৰে গুৱাহাটীত উপস্থিত হ'ল দুই পৰ্বতাৰোহী চন্দন দাস আৰু শশী প্ৰকাশ ৰায় । আফ্ৰিকাৰ মাউন্ট কিলিমানজাৰোত অসমৰ দুই পৰ্বতাৰোহীয়ে উৰুৱাইছিল বিজয়ধ্বজা । উত্তৰ গুৱাহাটীৰ দুই পৰ্বতাৰোহী চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে প্ৰায় ৬ হাজাৰ মিটাৰ উচ্চতা আৰু ২০ হাজাৰ ফুট উচ্চতাত অসমীয়াৰ স্বাভিমান গোমাচা উৰুৱাবলৈ সক্ষম হৈছিল ৷
আফ্ৰিকাৰ শৃংগ আৰোহণ কৰি স্বগৃহত 2 অসমীয়া পৰ্বতাৰোহী - CHANDAN DAS
বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগত ২০ ডিগ্ৰী চেলচিয়াছৰ প্ৰতিকূল বতৰ, তুষাৰপাতৰ বাধাকো নেওচি দুই অসম সন্তানে কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হৈ উৰুৱাইছিল অসমৰ গামোচা ৷
![আফ্ৰিকাৰ শৃংগ আৰোহণ কৰি স্বগৃহত 2 অসমীয়া পৰ্বতাৰোহী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3470925-430-3470925-1559657630329.jpg)
গুৱাহাটীত উপস্থিত হ’ল বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগোৱা দুই পৰ্বতাৰোহী
গুৱাহাটীত উপস্থিত হ’ল বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগোৱা দুই পৰ্বতাৰোহী
মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোক তথা শুভকাংক্ষীসকলে উষ্ম আদৰণি জনায় দুয়োগৰাকী অসম সন্তানক । উল্লেখ্য যে বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগত ২০ ডিগ্ৰী চেলচিয়াছৰ প্ৰতিকূল বতৰ, তুষাৰপাতৰ বাধাকো নেওচি দুই অসম সন্তানে কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হৈ উৰুৱাইছিল অসমৰ গামোচা ৷