অসম

assam

ETV Bharat / state

MoU with Prashanti Medical Service : দুবছৰত অসমৰ ১০০০ গৰাকী হৃদৰোগীৰ চিকিৎসা হ’ব সম্পূৰ্ণ বিনামূলীয়া - Assam heart free treatment

হৃদৰোগত আক্ৰান্ত আৰ্থিকভাৱে দুৰ্বল ৰোগীসকলৰ চাৰ্জাৰী তথা সকলোধৰণৰ চিকিৎসাৰ বাবে অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত । ৰোগীৰ লগতে অভিভাৱকৰ অহা-যোৱাৰ উপৰি আনুসংগিক ব্যয় বহন কৰিব অসম চৰকাৰে । বিনামূল্যে চিকিৎসাসেৱা প্ৰদান কৰিব শ্ৰীসত্য সাই হাৰ্ট হাস্পতালে (Sri Sathya Sai Heart Hospital)।

MoU with Prashanti Medical Service
প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ লগত অসম চৰকাৰৰ বুজাবুজি চুক্তি

By

Published : Jan 7, 2023, 4:00 PM IST

গুৱাহাটী, ৭ জানুৱাৰী :আৰ্থিক সংকটৰ বাবে হৃদৰোগৰ চিকিৎসা কৰিব নোৱাৰা ৰোগীসকলৰ বাবে ভাল খবৰ । আৰ্থিকভাৱে দুৰ্বল হৃদৰোগত আক্ৰান্ত ৰোগীসকলৰ চাৰ্জাৰী তথা সকলোধৰণৰ চিকিৎসাৰ বাবে অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ (Sri Sathya Sai Heart Hospital) মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে । এই উপলক্ষ্যে শনিবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ(Assam Administrative Staff College) প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ লগত অসম চৰকাৰৰ বুজাবুজি চুক্তি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু গুজৰাটৰ ৰাজকোটৰ প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ অধীনৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় (Assam Govt Prashanti Medical Service MoU0। বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে অসম চৰকাৰৰ হৈ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ আয়ুক্ত সচিব অবিনাশ যোশী আৰু প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ হৈ পৰিচালন ন্যাসৰক্ষী মনোজ ভিমানীয়ে ।

প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ লগত অসম চৰকাৰৰ বুজাবুজি চুক্তি

দুবছৰীয়া এই চুক্তিৰ যোগেদি শ্ৰীসত্য সাই হাৰ্ট হাস্পতালত হৃদৰোগত আক্ৰান্ত অসমৰ ১০০০ ৰোগীৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হ'ব । অনুষ্ঠানত মুখ্যমন্তী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘‘আজিৰ দিনটো অসমৰ স্বাস্থ্যখণ্ডৰ বাবে উল্লেখযোগ্য দিন । ব্যয়বহুল হোৱা বাবে বহুলোকে হৃদৰোগৰ চাৰ্জাৰী কৰিব পৰা নাছিল । এতিয়াৰে পৰা হৃদৰোগত আক্ৰান্ত অসমৰ দৰিদ্ৰ ৰোগীয়ে সত্য সাই হাৰ্ট হাস্পতালত বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰিব । দুবছৰত অসমৰ ১০০০ ৰোগীৰ চিকিৎসা হাস্পতালখনত কৰা হ'ব যদিও পৰৱৰ্তী সময়ত ইয়াৰ সময়সীমা আৰু সংখ্যা বৃদ্ধি কৰা হ'ব’’ ।

প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ লগত অসম চৰকাৰৰ বুজাবুজি চুক্তি

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ পৰা যোৱা ৰোগীসকলৰ লগতে অভিভাৱকৰ অহা-যোৱাৰ লগতে আনুসংগিক আন সকলো খৰচ অসম চৰকাৰে বহন কৰিব আৰু চিকিৎসা ব্যয় বহন কৰিব সত্য সাই হাৰ্ট হাস্পতালে । শিশুৰ লগতে প্ৰাপ্তবয়স্কসকলৰো হাৰ্টৰ চিকিৎসা হ'ব । মুখ্যমন্ত্ৰীয়ে কয় যে শিশুৰ হাৰ্টৰ চাৰ্জাৰীৰ ক্ষেত্ৰত অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰি নাৰায়ণা হৃদয়ালয়ৰ যোগেদি ইতিমধ্যে ৯৭০০ৰো অধিক শিশুৰ হাৰ্টৰ চাৰ্জাৰী বিনামূলীয়াকৈ কৰাবলৈ সক্ষম হৈছে (Assam heart patients treatment)।

মুখ্যমন্ত্ৰীয়ে সত্য সাই হাৰ্ট হাস্পতালৰ উদ্যোগত প্ৰশংসা কৰি এইক্ষেত্ৰত বিশেষ আগভাগ লোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে অসম চৰকাৰ আৰু সত্য সাই হাৰ্ট হাস্পতালৰ মাজত যোগসূত্ৰ স্থাপনৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল আৰু যাৰবাবে দুমাহৰ ভিতৰত এই চুক্তি স্বাক্ষৰিত হয় ।

প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ লগত অসম চৰকাৰৰ বুজাবুজি চুক্তি

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যখণ্ডৰ উত্তৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই কয় যে শ্ৰীসত্য সাই হাৰ্ট হাস্পতালে অত্যন্ত মহৎ কাম কৰি আহিছে । কোনোধৰণৰ মূল্য নোলোৱাকৈ বিগত ২২ বছৰ ধৰি বিনামূল্যে হাৰ্টৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে । এই চুক্তিৰ দ্বাৰা অসমৰ দৰিদ্ৰ হৃদৰোগীসকল উপকৃত হ'ব ।

অনুষ্ঠানত প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী মনোজ ভিমানীয়ে কয় যে শ্ৰীসত্য সাই হাৰ্ট হাস্পতালত কোনোধৰণৰ কেচ কাউণ্টাৰ নাই । সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা হয় । অসমৰ হৃদৰোগীসকলৰ সেৱা কৰাৰ সুবিধা দিয়াৰ বাবে তেওঁ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে (Assam heart free treatment)। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু সুমন শ্যাম, স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ আয়ুক্ত সচিব অবিনাশ যোশীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে জানুৱাৰীৰ শেষৰফালে ২৫ গৰাকী ৰোগীৰ এটা দল অসমৰ পৰা শ্ৰীসত্য সাই হাৰ্ট হাস্পতাললৈ চিকিৎসাৰ বাবে পঠিওৱা হ'ব ।

লগতে পঢ়ক:NF Railway GM: ৰঙাপৰাত কেইবাটাও প্ৰকল্প উদ্বোধন এন এফ ৰেলৱেৰ মহাপ্ৰবন্ধকৰ

ABOUT THE AUTHOR

...view details