গুৱাহাটী, 30 মাৰ্চ:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰে অভিনৱ ফিউচাৰিষ্টিক্স প্ৰাইভেট লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । গুৱাহাটী আৰু যোৰহাটত দুটা উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে এই চুক্তি স্বাক্ষৰিত কৰা হয় (High Performance Sports Training center) ৷
আজি অসম চৰকাৰৰ হৈ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু অভিনৱ ফিউচাৰিষ্টিক্স প্ৰাইভেট লিমিটেডৰ হৈ অলিম্পিয়ান অভিনৱ বিন্দ্ৰাই চুক্তিখনত স্বাক্ষৰ কৰে ৷ একেদৰে অইল ইণ্ডিয়া লিমিটেডৰ হৈ মুখ্য মহাপ্ৰৱন্ধক (মানৱ সম্পদ) ৰঞ্জন গোস্বামী আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ হৈ মুখ্য মহাপ্ৰৱন্ধক (মানৱ সম্পদ) কাজল শইকীয়াই এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে (MoU sign to build High Performance Sports center) ।
উল্লেখযোগ্য যে, গুৱাহাটী কেন্দ্ৰৰ বাবে অসম চৰকাৰ আৰু অভিনৱ ফিউচাৰিষ্টিক্স প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় । আনহাতে, যোৰহাটত উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰিত হয় । প্ৰতিটো উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ব্যয় হ’ব ২৩.৭৮ কোটি টকা (High Performance Sports center in Jorhat)।
লগতে পঢ়ক:Lovlina Borgohain: জনতা ভৱনত লাভলীনাক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ
আনহাতে, অতিৰিক্ত কার্যকৰী ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ব্যয় হ’ব প্ৰায় ২.৪৯ কোটি টকা । ৰাজ্য চৰকাৰে গুৱাহাটী কেন্দ্ৰৰ বাবে হোৱা ব্যয়ৰ পুঁজি আগবঢ়াব । অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডে কৰ্পৰেটৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত পুঁজি আগবঢ়াব (Rehabilitation Centres in Guwahati) ।
এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যখনত উচ্চ মান সম্পন্ন ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ উল্লেখযোগ্য সংযোজন । তেওঁ কয় যে, উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰসমূহে ৰাজ্যখনৰ ক্ৰীড়া পৰিৱেশৰ গুণগত মান উন্নয়ন সাধনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব (OIL signs MoU with Assam Govt) ।
তেওঁ লগতে কয় যে, ক্ৰীড়া ক্ষেত্ৰত যুৱক-যুৱতীসকলে উন্নত প্ৰদৰ্শনৰ বাবে শাৰীৰিক ফিটনেছ এক গুৰুত্বপূৰ্ণ দিশ । মুখ্যমন্ত্ৰীয়ে কয় যে, উচ্চ প্ৰদর্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ সুঁতি হিচাপে পৰিগণিত হ’বলৈ সক্ষম হ’ব । মুখ্যমন্ত্ৰীয়ে কয় যে, এই কেন্দ্ৰসমূহ সুচাৰুৰূপে পৰিচালনা কৰাটো এক গুৰুত্বপূৰ্ণ বিষয় । সেইবাবে ৰাজ্য চৰকাৰে অভিনৱ ফিউচাৰিষ্টিক্স প্ৰাইভেট লিমিটেডক জড়িত কৰি ৫ বছৰৰ বাবে কেন্দ্ৰসমূহ পৰিচালনৰ দায়িত্ব অর্পণ কৰিছে ।