অসম

assam

By

Published : Jan 7, 2022, 9:56 PM IST

ETV Bharat / state

গাখীৰ উৎপাদনৰ ক্ষেত্ৰত অসম আত্মনিৰ্ভৰশীল হ'বই লাগিব : মুখ্যমন্ত্রী

এন ডি ডি বি আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ (MOU signed between NDDB and Assam Government )। দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যত উপনীত হ'বলৈ দুগ্ধ উৎপাদকসকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান । চুক্তি অনুসৰি এনডিডিবি আৰু অসম চৰকাৰে ২ হাজাৰ কোটি টকা বিনিয়ােগেৰে এটা যুটীয়া কোম্পানী স্থাপন কৰিব।

MOU signed between NDDB and Assam Government
গাখীৰ উৎপাদনৰ ক্ষেত্ৰত অসম আত্মনিৰ্ভৰশীল হ'বই লাগিব : মুখ্যমন্ত্রী

গুৱাহাটী,৭ জানুৱাৰী :মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কেন্দ্রীয় মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন দপ্তৰৰ মন্ত্ৰী পৰশােত্তম ৰূপালাৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়ােজিত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’র্ড আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কাৰ্যসূচীত অংশগ্রহণ কৰে ( MOU signed between NDDB and Assam Government ) । অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোক এক ঐতিহাসিক দিন বুলি অভিহিত কৰে ।

তেওঁ কয় যে আজি স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে ৰাজ্যখনৰ দুগ্ধ খণ্ডৰ উন্নয়ন সাধন কৰাৰ লগতে পর্যাপ্ত জীৱিকাৰ সুযােগ সৃষ্টি (Employment through dairy development in Assam) কৰি গ্ৰাম্য অর্থনৈতিক বিকাশৰ দিশত এক নতুন যুগৰ সূচনা কৰিব। এই বুজাবুজিৰ চুক্তি অনুসৰি এনডিডিবি আৰু অসম চৰকাৰে ২ হাজাৰ কোটি টকা বিনিয়ােগেৰে এটা যুটীয়া কোম্পানী স্থাপন কৰিব ।

এই কোম্পানীৰ জৰিয়তে অহা ৭ বছৰত ৬ টা নতুন গাখীৰ প্ৰক্ৰিয়াকৰণ গােটৰ জৰিয়তে দৈনিক ১০ লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে । ইয়াৰ ফলত অসমৰ ১,৭৫,০০০ তকৈও অধিক দুগ্ধ উৎপাদক উপকৃত হ'ব আৰু তেওঁলােকৰ উপার্জন লক্ষ্যণীয়ভাৱে বৃদ্ধি পাব বুলি তেওঁ জানিবলৈ দিয়ে ।

এন ডি ডি বি আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এই বুজাবুজিৰ চুক্তিৰ অধীনত দুটা গাে-খাদ্য আৰু জৈৱিক সাৰ নিৰ্মাণ গােটো স্থাপন কৰা হ'ব । অধিক উৎপাদনশীল গৰুৰ প্ৰজাতিৰ আমদানিৰ লগতে গৰুৰ কৃত্রিম প্রজননৰ বাবেও পদক্ষেপ গ্রহণ কৰা হ’ব । অনুষ্ঠানত পুৰৱী ডেইৰীৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হয় । ইয়াৰ ফলত উদ্যোগটোৰ উৎপাদন ক্ষমতা প্রতিদিনে ৬০ হাজাৰ লিটাৰৰ পৰা ১৫০ হাজাৰ লিটাৰলৈ বৃদ্ধি পাব ।

দুগ্ধ উৎপাদকসকলক তেওঁলােকৰ উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্যৰ তাৰতম্যৰ বাবে প্রয়ােজনীয় ৰাজসাহায্য প্রদান কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সকলাে দুগ্ধ সমবায় সমিতিক অসমৰ অর্থনৈতিক বিকাশৰ বাবে সুস্থ প্রতিযােগিতাত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় ।

মুখ্যমন্ত্ৰীয়ে কয় যে, এই ক্ষেত্ৰত তেওঁলােকক চৰকাৰৰ তৰফৰ পৰা প্রয়ােজনীয় সহযােগিতা আগবঢ়োৱা হ'ব । কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা সহকাৰে কৃষি ক্ষেত্ৰত অৱতীৰ্ণ হােৱাৰ লগতে কৃষি পদ্ধতিৰ আধুনিকীকৰণৰ ওপৰত তেওঁ গুৰুত্ব আৰােপ কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে, আজি গ্রহণ কৰা এই পদক্ষেপৰ জৰিয়তে আত্মনিৰ্ভৰশীল অসমৰ লক্ষ্যত আৰু এখােজ আগবঢ়া হ’ল ।

ইয়াৰ জৰিয়তে আমি গাখীৰ আৰু অন্যান্য খাদ্য সামগ্ৰীৰ বাবে আন ৰাজ্যৰ ওপৰত নিজৰ নিৰ্ভৰশীলতা বহুখিনি হ্রাস কৰিবলৈ সক্ষম হম বুলি তেওঁ আশা প্রকাশ কৰে। তেওঁ কয় যে অসমত জিডিপি আৰু জনমূৰি উপার্জন বৃদ্ধিৰ সমান্তৰালভাৱে মাংস, দুগ্ধজাত সামগ্রী আদি ক্রয়ত মানুহৰ ব্যয় বৃদ্ধি পাইছে আৰু ৰাজহৰ বহির্গমন ৰােধ কৰিবলৈ আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ অসমে নিজৰ প্ৰয়ােজনীয়তা পূৰণ কৰাৰ দিশত আত্মনিৰ্ভৰশীল হ'বই লাগিব।

অনুষ্ঠানত কেন্দ্রীয় মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন দপ্তৰৰ মন্ত্ৰী পৰশােত্তম ৰূপালা আৰু কৃষি মন্ত্রী অতুল বৰায়াে (Agriculture minister Atul Bora on dairy development) ভাষণ প্রদান কৰে । অনুষ্ঠানত মিজোৰামৰ পশু চিকিৎসা বিভাগৰ মন্ত্রী ড° কে বেইচুৱা, এনডিডিবিৰ অধ্যক্ষ মীনেশ শ্বাহৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল ।

লগতে পঢ়ক :Charideo fire tragedy: জীৱন্তে অগ্নিদগ্ধ হোৱা তিনি শিশুৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা

ABOUT THE AUTHOR

...view details