গুৱাহাটী, 24 আগষ্ট:অসম তথা দেশৰ অৰ্থনীতি বিকাশৰ বাবে অসমৰ নুমলীগড় তেল শোধানাগাৰ লিমিটেডৰ লগত ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ লগত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত বন্দৰ, জাহাজ আৰু জলপৰিবহনৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতত অনুষ্ঠিত অনুষ্ঠান বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।
এই চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই চুক্তিৰ উদ্দেশ্য হ’ল ভৱিষ্যতে নুমলীগড় তেল শোধানাগাৰ লিমিটেড আৰু ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই যৌথভাবে কাম কৰিব । নুমলীগড় তেল শোধানাগাৰত উৎপাদিত সামগ্ৰী ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগতে নেপাল, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, মালয়েচিয়া, ইণ্ডোনেচিয়া আদি দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহলৈ ৰপ্তানি কৰা হ'ব ।
ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হয় । তেওঁ কয় যে ইতিমধ্যে পশ্চিম বংগৰ হালদিয়াৰ পৰা বিভিন্ন সামগ্ৰী পাঁচখন জাহাজেৰে নুমলীগড় তেল শোধানাগাৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে । পৰৱৰ্তী সময়ত ১৬ খন জাহাজেৰে হালদিয়াৰ পৰা বিভিন্ন সামগ্ৰী নুমলীগড় তেল শোধানাগাৰলৈ অনাৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ জৰিয়তে পৰিবহণ ব্যয় বহুত লাঘৱ হ'ব ।