গুৱাহাটী,৯ নৱেম্বৰ:কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতত বুধবাৰে অসমত পাঁচটা ঠাইত ৰ'পৱে নিৰ্মাণৰ বাবে গুৱাহাটীত National Highways and Logistics Management Limited (NHLML) আৰু অসমৰ লোক নিৰ্মাণ বিভাগৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়(MoU between PWD and NHLML) । অসমত পাঁচটা স্থানত ৰ'পৱে নিৰ্মাণৰ বাবে ২০০০ কোটি টকা ব্যয়ৰ এই চুক্তি স্বাক্ষৰিত হয়(Ropeway at five places in Assam) ।
এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী জেনেৰেল ভি.কে.সিঙো উপস্থিত আছিল । উল্লেখ্য যে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰ পৰা খানাপাৰলৈ ২৪ কিলোমিটাৰ, গোৱালপাৰা, হাফলং, তেজপুৰ, আৰু কাছাৰত পাঁচটা স্থানত ৰ'পৱে নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে ।