গুৱাহাটী,২৮ জানুৱাৰী: গুৱাহাটীৰ ৰাজপথত দীৰ্ঘদিন ধৰি চলি থকা মটৰচালিত ৰিক্সা গুৱাহাটী পৌৰ নিগমে বন্ধ কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ গুৱাহাটী মটৰচালিত ৰিক্সাচালক ইউনিয়নৰ উদ্যোগত চচলস্থিত ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (motorized rickshaw driver dharna in Guwahati) । গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বিভিন্ন দাবী সন্মিলিত প্লে'-কাৰ্ড লৈ মটৰচালিত ৰিক্সা বন্ধ কৰাৰ আদেশ প্ৰত্যাহাৰ কৰক, ৰিক্সাচালকক সামাজিক নিৰাপত্তা প্ৰদান কৰক, চৰকাৰে ৰিক্সাচালকসকলৰ উপাৰ্জনৰ বাট মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক, মটৰচালিত ৰিক্সাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰক আদি শ্লোগানৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে (motorized rickshaw driver protest in Guwahati) ।
উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ এই হঠকাৰী সিদ্ধান্তৰ পূৰ্বে গুৱাহাটী মহানগৰীত প্ৰায় ১০ হাজাৰৰো অধিক মটৰচালিত ৰিক্সা চলাচল কৰি আছিল (GMC banned motorized rickshaw Guwahati) । তাৰোপৰি বিগত সাত বছৰ ধৰি একাংশ দৰিদ্ৰ লোকে মটৰচালিত ৰিক্সা ক্ৰয় কৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত ভাড়া মাৰি পৰিয়ালক পোহপাল দি আহিছিল (all Guwahati motorized rickshaw driver union) ।
কিন্তু এসপ্তাহ পূৰ্বে গুৱাহাটী পৌৰ নিগমে মটৰচালিত ৰিক্সাসমূহ অবৈধ বুলি ঘোষণা কৰি এনে ৰিক্সাসমূহ জব্দ কৰাত মটৰচালিত ৰিক্সাচালকসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় । আনহাতে, চালকসকলে মটৰচালিত ৰিক্সাসমূহ মোকলাই নিবলৈ অহাত GMC-য়ে ৰিক্সাচালকৰ পৰা দহ হাজাৰ টকা বিচৰা বুলি অভিযোগ কৰে ভুক্তভোগী চালকসকলে । ইফালে বিগত এসপ্তাহ ধৰি ৰিক্সাচালকসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ থকাৰ ফলত পৰিয়ালৰ বাবে পেটৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰি অনাহাৰে দিন অতিবাহিত কৰিবলগা হোৱা বুলিও অতি দুখেৰে কয় একাংশ চালকে ।