অসম

assam

By

Published : Mar 23, 2020, 6:45 AM IST

Updated : Mar 23, 2020, 9:04 AM IST

ETV Bharat / state

অসমক লক ডাউন কৰিবলৈ আহ্বান অসমৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ

সমগ্ৰ দেশ তথা জনসাধাৰণৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ সজাগতা অৱলম্বন কৰাটো সাম্প্ৰতিক সময়ত অতি জৰুৰী হৈ পৰিছে। মটৰ পৰিবহণ ব্যৱস্থাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ লোক যাতায়ত কৰাৰ ফলত ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ বিভিন্ন ধৰণে সংক্ৰামিত হ'ব পাৰে।

অসমৰ মটৰ শ্ৰমিক সংগঠন যৌথ মঞ্চ
অসমৰ মটৰ শ্ৰমিক সংগঠন যৌথ মঞ্চ

গুৱাহাটী, 23 মাৰ্চ : কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ইতিমধ্যেই ৰে'ল-বাছ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে। ২৪ সকলো ধৰণৰ ব্যৱসায়িক যানবাহন বন্ধ ৰখা আহ্বানক পূৰ্ণ সমৰ্থন জনাই অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই । এক প্ৰেছ বিজ্ঞপ্তিযোগে মঞ্চই কয় যে,সমগ্ৰ দেশ তথা জনসাধাৰণৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ সজাগতা অৱলম্বন কৰাটো সাম্প্ৰতিক সময়ত অতি জৰুৰী হৈ পৰিছে। মটৰ পৰিবহণ ব্যৱস্থাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ লোক যাতায়ত কৰাৰ ফলত ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ বিভিন্ন ধৰণে সংক্ৰামিত হ'ব পাৰে। তেনে পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ ব্যৱসায়িক যানবাহনৰ মটৰ শ্ৰমিকসকলৰ লগতে ব্যক্তিগত যানবাহনৰ গৰাকী সকলকো গাড়ী চলাচলৰ পৰা বিৰত থাকি নিজৰ লগতে দেশৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মঞ্চই আহ্বান জনায়। ইয়াৰোপৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে চিকিৎসাৰ আন্তঃগাঁথনি উন্নয়নৰ উপৰিও সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে দৰিদ্ৰ মটৰ শ্ৰমিকৰ লগতে অন্যান্য দিন হাজিৰা কৰা শ্ৰমজীৱি লোকক দুবেলা দুমুঠি খোৱাৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাই অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই। ইফালে কৰ'ণা ভাইৰাছৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমক লক ডাউন কৰিবলৈও আহ্বান জনাই মঞ্চই।

অসমৰ মটৰ শ্ৰমিক সংগঠন যৌথ মঞ্চ
Last Updated : Mar 23, 2020, 9:04 AM IST

ABOUT THE AUTHOR

...view details