গুৱাহাটী, ১২ অক্টোবৰ: শিক্ষাৰ অধিকাৰ আইন (Right to Education Act) অনুসৰি প্ৰতিটি শিশুৱেই শিক্ষা লাভ কৰাটো বাধ্যতামূলক যদিও বাস্তৱত সেয়া সম্ভৱ হৈ উঠা নাই । বহুতে বিদ্যালয়ৰ মুখ দেখিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে বহু শিক্ষার্থীয়ে আধাতে বিদ্যালয় ত্যাগ (Students Leaving school before time )কৰিবলগীয়া পৰিস্থিতিৰ মুখামুখি হৈছে । অত্যন্ত উদ্বেগৰ বিষয় যে মাধ্যমিক স্তৰত আধাতে শিক্ষানুষ্ঠান এৰা (ড্রপ আউট) শিক্ষাৰ্থীৰ হাৰ দেশৰ ভিতৰতে অসমত সৰ্বাধিক।
শেহতীয়াকৈ ইউনিচেফৰ সমীক্ষাত (UNICEF survey in India) কোৱা হৈছে যে ভাৰতত ঘৰুৱা সমস্যাৰ বাবেই ৩৩ শতাংশ ছোৱালীয়ে (girls leave school for domestic problems) আৰু বিবাহৰ বাবে ২৫ শতাংশ ছোৱালীয়ে আধাতে বিদ্যালয় ত্যাগ (girls drop out school for marriage) কৰিবলগীয়া হয় । আধাতে আনুষ্ঠানিক শিক্ষা ত্যাগ কৰা বহুসংখ্যক শিক্ষাৰ্থীয়ে পঢ়াৰ বয়সতে জীৱন সংগ্ৰামত নামি বিভিন্ন কাম কৰিবলগীয়া হয় । মূলত:আৰ্থিক দুৰৱস্থাৰ বাবেই বহু শিক্ষাৰ্থীয়ে অনিচ্ছা স্বত্বেও আধাতে বিদ্যালয় ত্যাগ কৰিব লগীয়া হয় ।
এই বিষয়টোক লৈ কেন্দ্ৰৰ লগতে অসম চৰকাৰো উদ্বিগ্ন হৈ পৰিছে । আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাৰ ক্ষেত্ৰত শিক্ষা বিভাগে গ্রহণ কৰিছে এক বিশেষ পদক্ষেপ । অসম সর্বশিক্ষা অভিযান মিছনে (Assam Sarva Shiksha Abhiyan Mission) ইয়াৰ বাবে এক মাতৃগোট প্রস্তুত কৰিছে । এই মাতৃগোটৰ জৰিয়তে আধাতে শিক্ষা এৰি ঘৰুৱা কামত নিয়োজিত হোৱা অথবা অন্য কামত জড়িত হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব এক পদক্ষেপ ।
ডিষ্ট্রিক ইনফ'ৰমেচন ছিষ্টেম ফৰ ইডুকেচন প্লাছৰ (District Information System for Education Plus) সমীক্ষা অনুসৰি অসমত নিম্ন প্রাথমিক পর্যায়ত আধাতে বিদ্যালয় এৰা ল'ৰাৰ হাৰ ৪.২ আৰু ছোৱালীৰ ৩.২শতাংশ । আনহাতে, উচ্চ প্রাথমিক স্তৰত এই হাৰ ল'ৰাৰ ক্ষেত্ৰত ৬.০ আৰু ছোৱালীৰ ৪.৬ শতাংশ । বিগত সময়ছোৱাত সৰ্বশিক্ষা অভিযানে আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীক পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল যদিও সেইক্ষেত্ৰত বিশেষ সফলতা লাভ নকৰিলে । সেয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি কার্যকৰী (National Education Policy Implemented) কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে গ্ৰহণ কৰা তৎপৰতাৰ অংশস্বৰূপে এইবাৰ পুনৰ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ বাবে গ্ৰহণ কৰিছে এলানি বিশেষ কৌশল ।