গুৱাহাটী, ১ নৱেম্বৰ:মানৱ সমাজক ভূ-লুণ্ঠিত কৰা পুনৰ এক ঘটনা সংঘটিত হৈছে এইখন অসমত । এইবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা । নিজৰ লজ্জা ঢাকিবৰ বাবে এগৰাকী মাতৃয়ে অবৈধভাৱে জন্ম দিয়া নৱজাতকক শৌচাগাৰৰ টেংকিত পেলাই নৃশংসভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে । এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ বোন্দা ক'লনী অঞ্চলত ।
উল্লেখ্য় যে গুৱাহাটী মহানগৰীৰ বোন্দা ক'লনীৰ মহিলা গৰাকীয়ে দুই বছৰ পূৰ্বে হাৰিয়ানাৰ স্বামী গৃহ এৰি বোন্দাৰ মাতৃগৃহত আশ্ৰয় গ্ৰহণ কৰে । স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি মাতৃ গৃহত থাকি এই মহিলা গৰাকীয়ে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল । এনেদৰে কাম-বন কৰি থকাৰ মাজতেই কোনো লোকৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি মহিলা গৰাকীয়ে গৰ্ভৱতী হয় । শাৰদীয় দুৰ্গা পূজাৰ বিজয়া দশমীৰ নিশা ১২ মান বজাত মহিলা গৰাকীয়ে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে । এই কথা গোপনে ৰাখি লজ্জাৰ পৰা হাত সাৰিবলৈ মাতৃগৰাকীয়ে নৱজাতকক শৌচগাৰৰ টেংকিত পেলাই দিয়ে । যাৰ ফলত নাবজাতকে কৰুণভাৱে মৃত্যুক সাৱটি লয় ।