অসম

assam

ETV Bharat / state

Poor medical sector in Assam:অত্যন্ত দুৰ্বল আন্তঃগাঠনিৰে চলি আছে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ড - 1200 posts of doctors are lying vacant in Assam

তেজস্বিতা বৰুৱাৰ কৰুণ মৃত্যুৱে ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপটোক নিৰ্লজ্জভাৱে উদঙাই দিলে । ৰাজ্যৰ হাস্পতালে-হাস্পতালে এতিয়াও খালী হৈ আছে ১,২১৭ টা চিকিৎসকৰ পদ । ৰাজ্যৰ বিভিন্ন পৰ্যায়ৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহত থকা আই চি ইউ বিছনাৰ সংখ্যা ২,১২৩খন । অক্সিজেনযুক্ত বিছনাৰ সংখ্যা ৯,৯৩০খন । মাজুলীত আই চি ইউযুক্ত বিছনা আছে মাত্ৰ ৫ খন । অক্সিজেনযুক্ত বিছনাৰ সংখ্যা ২৫খন আৰু ভেন্টিলেটৰ সহায়ক বিছনাৰ সংখ্যা মাত্ৰ ৫খন (Assam medical sector running with poor infrastructure)।

More then 1200 posts of doctors are lying vacant in the state
অত্যন্ত দুৰ্বল আন্তঃগাঠনিৰে চলি আছে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ড

By

Published : Oct 11, 2022, 2:24 PM IST

গুৱাহাটী, ১১ অক্টোবৰ: মাজুলীৰ উদীয়মান শিল্পী তেজস্বিতা বৰুৱাৰ কৰুণ মৃত্যুৱে ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপটোক নিৰ্লজ্জভাৱে উদঙাই দিলে । ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন যুগৰ সূচনা হোৱা বুলি চৰকাৰখনে সততে ফিতাহি মাৰি থকাৰ প্ৰকৃত স্বৰূপ জলজল-পটপট হৈ পৰিল । চিকিৎসালয়ত অক্সিজেনৰ অভাৱ আৰু চিকিৎসক-নাৰ্চৰ অৱহেলাৰ বাবে তেজস্বিতা বৰুৱাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰাৰ মাজতে ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডৰ আন্তঃগাঁথনিৰ অভাৱৰ উদ্বেগজনক ছবিখনো উন্মোচন হৈছে (Assam public medical sector running with poor infrastructure) ।

অত্যন্ত দুৰ্বল আন্তঃগাঠনিৰে চলি আছে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ড

ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহত কেৱল আন্তঃগাঁথনিৰ অভাৱেই নহয়, অভাৱ প্ৰয়োজনীয় চিকিৎসকৰো । চাৰে তিনি কোটি জনসংখ্যাৰ অসমত মেডিকেল কলেজকেইখনক বাদ দি জিলা-মহকুমা তথা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসমূহত চিকিৎসকৰ পদ হৈছে মাত্ৰ ৩ হাজাৰ ১৯০টা । দুর্ভাগ্যজনকভাৱে স্বাস্থ্য বিভাগৰ এই তিনি হাজাৰ পদৰ বিপৰীতে ১,২৭১টা পদেই দীর্ঘদিনে খালী হৈ আছে । অৰ্থাৎ ৰাজ্যৰ হাস্পতালে-হাস্পতালে এতিয়াও প্ৰায় ১৩০০ চিকিৎসকৰ পদ খালী হৈ আছে ।

অত্যন্ত দুৰ্বল আন্তঃগাঠনিৰে চলি আছে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ড

বৃহৎ সংখ্যক চিকিৎসকৰ পদ খালী হৈ থকাত গ্ৰাম্যঞ্চলৰ সাধাৰণ ৰোগীসকলে আজিৰ তাৰিখত উপযুক্ত চিকিৎসাৰ পৰা যে বঞ্চিত হৈছে সেয়া নিশ্চিত । শুনিলে আচৰিত যেন লাগিলেও স্বাস্থ্য বিভাগক চিকিৎসকে পৰিচালনা কৰিব লাগে যদিও দীর্ঘদিনে ৰাজ্যৰ স্বাস্থ্য বিভাগক নেতৃত্ব দি আহিছে এ চি এছ বিষয়াই । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকৰ পদত এ চি এছ বিষয়া নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিততে স্বাস্থ্যখণ্ড তথা চিকিৎসাজনিত অভাৱ-অভিযোগ তথা সমস্যাই চৰকাৰৰ ওচৰত গুৰুত্ব লাভ নকৰাও অভিযোগ উঠিছে (More then 1200 posts of doctors are lying vacant in Assam)।

অত্যন্ত দুৰ্বল আন্তঃগাঠনিৰে চলি আছে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ড

বিভাগীয় তথ্য অনুসৰি স্বাস্থ্য সেৱা সঞ্চালকালয়তে অতিৰিক্ত সঞ্চালকৰ ৪ টা পদ দীর্ঘদিন খালী হৈ আছে । একেদৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ ৯টা পদ খালী হৈ থকাৰ বিপৰীতে মহকুমা স্বাস্থ্য বিষয়াৰ ২৯১টা পদ, জ্যেষ্ঠ চিকিৎসা বিষয়াৰো ২৩৯ টা পদ খালী হৈ আছে । অভিযোগ অনুসৰি স্বাস্থ্য বিভাগে চিকিৎসকসকলক প্ৰয়োজনীয় সা-সুবিধা নিদিয়াৰ বাবেই গ্ৰামাঞ্চলত চাকৰিত যোগদান কৰিয়েই বহু কনিষ্ঠ চিকিৎসকে চাকৰিৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হৈছে ।

অত্যন্ত দুৰ্বল আন্তঃগাঠনিৰে চলি আছে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ড

আনকি চাকৰি লাভ কৰিও গ্ৰামাঞ্চলত সেৱা আগবঢ়াবলৈ বহু যুৱ চিকিৎসকে অনিহা প্ৰকাশ কৰি যোগদানৰ পৰা বিৰত থকাৰো উদাহৰণ আছে । ক'ভিডৰ পাছতেই বহু সংখ্যক জ্যেষ্ঠ চিকিৎসকেও ব্যক্তিগত অজুহাত দেখুৱাই স্বেচ্ছামূলক অৱসৰ লোৱা দেখা গৈছে । কেৱল জিলা বা মহকুমা পৰ্যায়ৰ হাস্পতালেই নহয়, খোদ চিকিৎসা মহাবিদ্যালয়ৰো কেইবাজনো অধ্যাপকে অত্যাধিক কামৰ হেঁচাৰ বাবে অব্যাহতি লোৱা দেখা গৈছিল ।

ৰাজ্য চৰকাৰে চিকিৎসকসকলৰ সমস্যাক গুৰুত্ব নিদিয়াৰ বাবে বিগত সময়ছোৱাত অসম চিকিৎসা সেৱা সন্থাই কৰ্মবিৰতিৰ দৰে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল । ৰাজ্য চৰকাৰে এখনৰ পাছত আনখনকৈ মেডিকেল কলেজ স্থাপন কৰাত গুৰুত্ব দিছে যদিও এইবোৰ পৰিচালনা কৰাৰ বাবে প্ৰয়োজন হোৱা মানৱ সম্পদ তথা আন্তঃগাঁথনিৰ ওপৰত অলপো গুৰুত্ব আৰোপ কৰা নাই । যাৰ বাবে কাগজে পত্ৰৰে স্বাস্থ্যখণ্ডৰ উন্নয়ন হৈছে যদিও বাস্তৱ ক্ষেত্ৰত একো হোৱা নাই (Poor public medical sector in Assam)।

অত্যন্ত দুৰ্বল আন্তঃগাঠনিৰে চলি আছে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ড

সাধাৰণ অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হৈছে । সু-চিকিৎসাৰ বাবে সাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে । বিশেষকৈ দূৰণিবটীয়া আৰু ভিতৰুৱা অঞ্চলসমূহত চিকিৎসক পর্যান্ত পৰিমাণে নথকাৰ পৰিণতিত সাধাৰণ ৰাইজ প্ৰাথমিক চিকিৎসাৰ পৰাও বঞ্চিত হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । সম্প্ৰতি ৰাজ্যত মুঠ চিকিৎসকৰ পদৰ সংখ্যা হৈছে ৪,৪৬১ টা । ইয়াৰ বিপৰীতে সম্প্ৰতি কৰ্তব্যৰত হৈ আছে ৩,১৯০জন চিকিৎসক ।

অর্থাৎ খালী হৈ থকা পদৰ সংখ্যা ১,২৭১টা । খালী হৈ থকা পদসমূহৰ ভিতৰত অতিৰিক্ত স্বাস্থ্য সঞ্চালকৰ পদৰ সংখ্যা হৈছে চাৰিটা । সেইদৰে যুটীয়া অতিৰিক্ত স্বাস্থ্য সঞ্চালকৰ মুঠ পদৰ সংখ্যা ৪৩টা যদিও ইয়াৰে তিনিটা পদ খালী আছে । একে সময়তে মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া আৰু ইয়াৰ সমপৰ্যায়ৰ মুঠ পদৰ সংখ্যা হৈছে ১১৩টা । য'ত ৭৩জন চিকিৎসক কৰ্মৰত হৈ আছে । অর্থাৎ এই পদসমূহৰ ৩৯টা পদ এতিয়াও খালী হৈ আছে ।

সমান্তৰালভাৱে মহকুমা পৰ্যায়ত চিকিৎসা স্বাস্থ্য বিষয়া অথবা ইয়াৰ সমপৰ্যায়ৰ আবণ্টিত পদৰ সংখ্যা ১,০২৪টা । এই পদসমূহৰ বিপৰীতে ৭৩৩জন চিকিৎসক কৰ্মৰত হৈ থকাৰ লগতে ২৯১টা পদ এতিয়াও খালী হৈ আছে । ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ অনুমোদিত পদৰ সংখ্যা ১,১৮৯টা যদিও ২৩৯টা পদেই সম্প্ৰতি খালী হৈ আছে । তদুপৰি চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ মুঠ পদৰ সংখ্যা ২,০৮৩ টা ।

এই পদসমূহৰ ভিতৰতো ন্যূনতম ৬৯৯ টা পদ খালী হৈ আছে । এনেদৰে বিভিন্ন পৰ্যায়ৰ চিকিৎসালয়ত চিকিৎসকৰ পদ খালী হৈ থকাৰ বাবে বহু সময়ত চিকিৎসা লাভৰ পৰা সাধাৰণ ৰাইজ বঞ্চিত হ'বলগীয়া হৈ আহিছে । কেৱল চিকিৎসকৰ অভাৱেই নহয়, ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত নহয় আই চি ইউ অথবা ভেন্টিলেটৰৰ সা-সুবিধাৰ বিছনাৰ সংখ্যাও । শেহতীয়াকৈ অনুষ্ঠিত অসম বিধানসভাৰ অধিৱেশনৰ সময়ত বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ চাৰে তিনি কোটি লোকৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন পৰ্যায়ৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহত থকা আই চি ইউ বিছনাৰ সংখ্যা ২,১২৩খন ।

একেদৰে মেডিকেল কলেজ আৰু হাস্পতাল, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, জিলা চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়, সমূহীয়া স্বাস্থ্যকেন্দ্ৰ আদিত থকা বর্তমান অক্সিজেনযুক্ত বিছনাৰ সংখ্যা ৯,৯৩০খন । ৰাজ্যৰ এই চিকিৎসালয়সমূহত ভেন্টিলেটৰৰ সহায়ক বিছনাৰ সংখ্যা হৈছে ১,৫৫৬খন । চৰকাৰী তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ২৩খন জিলা চিকিৎসালয়লতহে আই চি ইউ বিছনা উপলব্ধ । ইয়াৰ ভিতৰত তিনিখন জিলা চিকিৎসালয়ত আই চি ইউ বিছনাৰ কাৰ্যক্ষম নহয় আৰু এখন জিলা চিকিৎসালয়ত আই চি ইউযুক্ত বিছনা নাই ।

সমান্তৰালভাৱে ৰাজ্যত থকা মুঠ ৭৬৮টা উপ-স্বাস্থ্যকেন্দ্ৰৰ নিজা চৰকাৰী ভৱন নাই । ইয়াৰে ৬৫৮টা উপ-স্বাস্থ্যকেন্দ্ৰই ভৱন ভাৰা কৰি সেৱা প্ৰদান কৰি আহিছে । তথ্য অনুসৰি বজালী, বিশ্বনাথ, ডিমা হাছাও, তামুলপুৰ আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আই চি ইউ বিছনা কার্যক্ষম হৈ থকা নাই । বর্তমানেও অসমত চিকিৎসক আৰু বিশেষজ্ঞ চিকিৎসকৰ যথেষ্ট অভাৱ । যাৰ বাবে আই পি এইচ এছ নিয়মাৱলী অনুসৰণ কৰাটো কঠিন ।

লক্ষণীয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি-২০১৭ অনুসৰি এহেজাৰ জনসংখ্যাৰ বিপৰীতে দুখন বিছনা আৰু ভাৰতীয় ৰাজহুৱা স্বাস্থ্য মানক ২০২০ অনুসৰি এহেজাৰ জনসংখ্যাৰ বিপৰীতে এখন বিছনা থকাটো বাঞ্ছনীয় । উল্লেখ্য যে শেহতীয়াকৈ মাজুলীৰ ১৪ বছৰীয়া তেজস্বিতা বৰুৱা নামৰ এগৰাকী কিশোৰীৰ গড়মূৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱাৰ পাছত বিভিন্ন অভিযোগ উত্থাপন হৈছে । বিশেষকৈ মাজুলীত এতিয়াও পর্যাপ্ত পৰিমাণে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি নথকাৰ লগতে চিকিৎসকৰ অভাৱৰ বাবে দীর্ঘদিন ইয়াৰ বাসিন্দাসকলে সমস্যাৰ সন্মুখীন হৈ আহিছে ।

চৰকাৰী তথ্য অনুসৰি বৰ্তমান মাজুলীত উপলব্ধ আই চি ইউযুক্ত বিছনাৰ সংখ্যা হৈছে মাত্ৰ ৫ খন । তদুপৰি অক্সিজেনযুক্ত বিছনাৰ সংখ্যা ২৫খন আৰু ভেন্টিলেটৰ সহায়ক বিছনাৰ সংখ্যা মাত্ৰ ৫খন । কেৱল মাজুলীয়েই নহয় আন কেইবাখনো জিলাত আই চি ইউযুক্ত বিছনা, অক্সিজেনযুক্ত বিছনা আৰু ভেণ্টিলেটৰ সহায়ক বিছনাৰ সংখ্যা তেনেই নগণ্য । ফলত জৰুৰীকালীনভাৱে চিকিৎসা লাভ কৰিবলগীয়া গুৰুতৰ ৰোগীয়েও প্ৰকৃত চিকিৎসা লাভ নকৰাৰ বাবে মৃত্যুক সাবটিবলগীয়া হোৱাৰ বহু উদাহৰণ আছে ।

উল্লেখ্য যে চিকিৎসকৰ পদ খালী থকাৰ সমান্তৰালকৈ বহু চিকিৎসালয়ৰ আন্তঃগাঁথনি এতিয়াও অত্যন্ত দুৰ্বল । বিশেষকৈ গ্ৰামাঞ্চলসমূহত থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসমূহৰ অৱস্থা অত্যন্ত শোচনীয় । এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসমূহত চিকিৎসক অথবা নাৰ্ছ থকাৰ বাবে উপযুক্ত চৰকাৰী আৱাস নথকাৰ অভিযোগ উত্থাপন হৈ আহিছে । বহু স্বাস্থ্যকেন্দ্ৰত চৰকাৰী আৱাস আছে যদিও মেৰামতিৰ অভাৱত জহি-খহি গৈ থকাৰ বাবে অনুপযোগী হৈ পৰিছে । এই দীর্ঘদিনীয়া সমস্যাসমূহ চৰকাৰে সমাধান কৰি স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:মাজুলীত আছুৰ বিক্ষোভ : শীঘ্ৰেই মাজুলীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী

For All Latest Updates

ABOUT THE AUTHOR

...view details