গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে উন্মোচিত হৈছে কেতবোৰ শোচনীয় দিশ । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱ নাই বুলি সদৰি কৰাৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষকেৰে অসমৰ ৩,৩৬১ খন বিদ্যালয় পৰিচালিত হৈ আছে । এই তথ্য উন্মোচিত হৈছে লোকসভাৰ মজিয়াত । লোকসভাত বিভাগীয় ৰাজ্যমন্ত্ৰী অন্নপূর্ণা দেৱীয়ে দিয়া তথ্য অনুসৰি সমগ্ৰ দেশত অকলশৰীয়া শিক্ষকে চলোৱা মুঠ বিদ্যালয়ৰ সংখ্যা হৈছে ১,১৭,২৮৫ খন । ইয়াৰ ভিতৰত মধ্যপ্ৰদেশত সৰ্বাধিক ১৬,৬৩০ খন বিদ্যালয় আছে (Schools running with single teacher) ।
আনহাতে, মাত্ৰ এগৰাকী শিক্ষকে পৰিচালনা কৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে অৰুণাচল প্ৰদেশত ৭৬৯ খন, মণিপুৰত ১৪৮ খন, মেঘালয়ত ১,৩২০ খন, মিজোৰামত ৬১ খন, নাগালেণ্ডত ২৯ খন, ছিকিমত ৪৩ খন আৰু ত্ৰিপুৰাত ২০৪ খন বিদ্যালয় আছে । আনহাতে, ২০২১-২২ বৰ্ষৰ তথ্য অনুসৰি অসমত ৪০,৪৮২ খন প্ৰাথমিক, ৭,২৯০ খন মাধ্যমিক আৰু ২,৪১৫ খন উচ্চ মাধ্যমিক বিদ্যালয় আছে । ৰাজ্যখনত শিক্ষক আৰু শিক্ষাৰ্থীৰ যি অনুপাত সেয়া প্ৰাথমিক পর্যায়ত ২৩ জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক আৰু উচ্চ প্ৰাথমিকত হৈছে ১৮ জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক (Schools running with single teacher in Assam)।
উল্লেখ্য যে কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়, লাক্ষাদ্বীপ আৰু পুডুচেৰীত অকলশৰীয়া শিক্ষকে চলোৱা এখনো বিদ্যালয় নাই । কিন্তু অসমত এজন শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আছে ৩,৩৬১ খন বিদ্যালয় । অকল সেয়াই নহয় বিভিন্ন দিশত দেশৰ আন ৰাজ্যৰ তুলনাত অসমৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহৰ অৱস্থা অত্যন্ত শোচনীয় । আন্তঃগাঁথনিৰ লগতে গুণগত শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্যখনৰ শিক্ষানুষ্ঠান সমূহৰ মান ক্ৰমাৎ নিম্নগামী হ’বলৈ ধৰিছে । যি সময়ত ৰাজ্য চৰকাৰখনে ইংৰাজী শিক্ষাৰ প্ৰসাৰৰ লগতে বিদ্যালয় একত্ৰীকৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা প্ৰতিবেদনত ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰকৃত ছবিখন পোহৰলৈ আহিছে (Poor infrastructure in Assam govt school) ।
ৰাজ্যৰ গ্ৰামাঞ্চলত থকা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ প্ৰকৃত ছবিখন উদঙাই দি খোদ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি আজিও ৰাজ্যখনৰ ২১.৭ শতাংশ বিদ্যালয়ত খোৱা পানী নাই । একেদৰে ১৭.৪ শতাংশ বিদ্যালয়ত প্ৰস্ৰাৱগাৰ আৰু শৌচালয়ৰ কোনো ব্যৱস্থা নাই । আনকি ১২.৮ শতাংশ বিদ্যালয়ত ছাত্ৰীসকলৰ বাবে নাই কোনো সুকীয়া প্ৰস্ৰাৱগাৰ-শৌচালয় । যাৰ ফলত ছাত্ৰীসকল ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে (Sanitation system in Govt schools in Assam) ।
মন কৰিব লগীয়া কথা যে ৰাজ্যখনৰ বৃহৎ সংখ্যক বিদ্যালয়ত নাই পুথিভঁৰাল। ২০২২ চনলৈকে ৰাজ্যখনত পুথিভঁৰাল নথকা বিদ্যালয়ৰ সংখ্যা হৈছে ২৭.৪ শতাংশ। কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্যৰ বিদ্যালয়সমূহ আজিও বহু পিছপৰি আছে। ৰাজ্যখনৰ ৯১.৪ শতাংশ বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীৰ বাবে নাই কোনো কম্পিউটাৰ । একেদৰে খেলপথাৰ নথকা বিদ্যালয়ৰ সংখ্যা হৈছে ৩১.১ শতাংশ । ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ এনে শোচনীয় অৱস্থাৰ সমানে সমানে শিক্ষাৰ মান নিম্নগামী হোৱাৰো এখন ভয়ংকৰ ছবি পোহৰলৈ আহিছে ।