গুৱাহাটী ,২১ ফেব্ৰুৱাৰী:ৰাজ্যজুৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে বিশেষ অভিযান আৰম্ভ কৰিছে (Eviction on Forest land in Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান । লক্ষ্যনীয় বিষয় যে, কেৱল চৰ-চাপৰি অঞ্চলেই নহয়, ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহৰো বৃহৎ এলেকা বেদখলকাৰীৰ কৱলত । উদ্বেগৰ বিষয় যে, প্ৰাকৃতিকভাৱে চহকী অসমৰ বৃহৎ বনভূমি বেদখল হৈছে ।
উল্লেখ্য যে, বনভূমি বেদখল হোৱাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে প্রথম স্থানত আছে । তথ্য মতে, বৰ্তমান সময়ত অসমৰ মুঠ ৩,৭৭,৫৩২.৬৩ হেক্টৰৰ বনভূমি দখলকাৰীৰ কবলত আছে । লক্ষ্যনীয় বিষয় যে, বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই সমস্যাৰ কোনোধৰণৰ স্থায়ী সমাধান হোৱা নাই ।
চৰকাৰী তথ্য অনুসৰিয়েই ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্যসমূহৰ মুঠ ১৬২.৮৪৭ বৰ্গ কিলোমিটাৰ এলেকা আৰু সংৰক্ষিত বনাঞ্চলসমূহৰ ৩৬২০৭৮.২০ হেক্টৰ ভূমি দখলকাৰীৰ কবলত পৰিছে (Encroachment in National Park)। ইফালে, জনসংখ্যা বৃদ্ধিৰ ফলত নামনি আৰু মধ্য অসমৰ চৰ-চাপৰিৰ লগতে বনভূমিসমূহৰ ভূমি ব্যাপক মাত্ৰাত দখল হৈছে । এক কথাত নামনি আৰু মধ্য অসমৰ প্ৰায়সমূহ বনভূমিতেই এতিয়া বেদখলকাৰীৰ ৰাজত্ব চলিছে ।
সর্বাধিক ভূমি দখল হৈছে সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্য়ৰ (Encroachment in Sonai Rupai Wildlife Sanctuary) । অভয়াৰণ্যখনৰ এক তৃতীয়াংশৰো অধিক ভূমিয়েই দখল হৈছে । তথ্য অনুসৰি ২২০ বৰ্গ কিলোমিটাৰ এলেকাৰ সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ৮৫ বর্গ কিলোমিটাৰ এলেকা একাংশ সন্দেহজনক প্রব্রজনকাৰী লোকে দখল কৰিছে ।
একেদৰে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২৮.০৯ বৰ্গ কিলোমিটাৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫ বৰ্গ কিলোমিটাৰ, বৰনদী বন্যপ্রাণী অভয়াৰণ্যৰ ৪ বৰ্গ কিলোমিটাৰ, লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যৰ ১.৩৪৮ বর্গ কিলোমিটাৰ, বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৫.১৩৫ বর্গ কিলোমিটাৰ, বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ ২৪.৬৪ বর্গ কিলোমিটাৰ, আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ ২.৭০ বর্গ কিলোমিটাৰ, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৫.৬১ বর্গ কিলোমিটাৰ, চক্ৰশীলা বন্যপ্রাণী অভয়াৰণ্যৰ ০.১০৫ বৰ্গ কিলোমিটাৰ আৰু ভেৰজান-বৰজান-পদুমনি বন্যপ্রাণী অভয়াৰণ্যৰ ১.২১৭ বৰ্গ কিলোমিটাৰ ভূমি বেদখল হৈছে (Encroachment in Manah National Park) ।