অসম

assam

ETV Bharat / state

Adivasi insurgent outfits: গুৱাহাটীত পাঁচ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ; পৰেশ বৰুৱাকো আলোচনালৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ - আদিবাদী সশস্ত্ৰ সংগঠন

কলাক্ষেত্রত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আদিবাদী সশস্ত্ৰ সংগঠন এ চি এম এ, বি চি এফ, এ এ এন এল এ, এ পি এ আৰু এছ টি এফৰ লগতে বিভাজিত তিনিটা গোটৰ ১১৮২ জন কেডাৰৰ অস্ত্র সম্বৰণ । জমা দিলে তিনি শতাধিক মাৰনাস্ত্র আৰু ১৪৬০ জাই সক্ৰিয় গুলী । শপত গ্ৰহণ কৰিলে শান্তি চুক্তিৰ আধাৰতে গঠন হোৱা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহীসকলে ।

Adivasi insurgent outfits
Adivasi insurgent outfits

By

Published : Jul 6, 2023, 3:57 PM IST

গুৱাহাটীত পাঁচ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ

গুৱাহাটী,৬ জুলাই: শান্তি আলোচনা লৈ অহা পাঁচটাকৈ আদিবাসী সশস্ত্ৰ সংগঠনৰ লগতে বিভাজিত তিনিটা গোটৰ ১১৮২ জন কেডাৰে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই অস্ত্র সম্বৰণ কাৰ্যসূচী সম্পন্ন কৰা হয় ।

ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত প্ৰাক্তন আদিবাসী সশস্ত্ৰ সংগঠন এ চি এম এ, বি চি এফ, এ এ এন এল এ, এ পি এ আৰু এছ টি এফৰ লগতে বিভাজিত তিনিটা গোটৰ ১১৮২ জন কেডাৰে আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰে । সংগঠন কেইটাই তিনি শতাধিক মাৰণাস্ত্র আৰু ১৪৬০ জাঁই সজীৱ গুলী জমা দিয়ে ।

উল্লেখ্য যে ২০২২ চনৰ ১৫ ছেপ্তেম্বৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আদিবাসী সশস্ত্ৰ সংগঠন কেইটাই শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল । সেই শান্তি চুক্তিৰ আধাৰত আজি সংগঠন কেইটাই আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি আহে । আনহাতে শান্তি চুক্তিৰ আধাৰতে গঠন হোৱা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহীসকলে আজিৰ অনুষ্ঠানতে শপত গ্ৰহণ কৰে ।

অনুষ্ঠানত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাচদা, উপাধ্যক্ষ সুভাষ তিৰ্কী, মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাচদা আৰু উপ মুখ্য কাৰ্যবাহী সদস্য পিটাৰ দাঙকে ধৰি ১২গৰাকী কাৰ্যবাহী সদস্যই শপত গ্ৰহণ কৰে । অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অস্ত্র সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি অহা কেডাৰসকলক কোনো পৰিস্থিতিতে পুনৰ সশস্ত্ৰ পন্থালৈ ঘূৰি নাযাবলৈ আহ্বান জনায় ।

তেওঁ কেডাৰসকলক সমাজ গঠনৰ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে জড়িত হোৱাৰ বাবে আহ্বান জনায় । তেওঁ কয় যে হাতত অস্ত্র তোলি লৈ তেজৰ ফাকু খেলাৰ অধিকাৰ কাৰো নাই । এই কথা সকলোৱে মনত ৰখা উচিত । আদিবাদী সকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে আগষ্ট নাইবা ছেপ্তেম্বৰ মাহত অসম চৰকাৰৰ সকলো চাকৰিত আদিবাসী তথা চাহ জনগোষ্ঠীৰ লোকৰ বাবে ৩ শতাংশ পদ সংৰক্ষণ কৰা হ’ব ।

আনহাতে অস্ত্র সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি অহা ১১৮২ জন কেডাৰৰ প্ৰত্যককে মাহে ৬ হাজাৰ টকাকৈ তিনিবছৰৰ বাবে দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে । লগতে প্ৰত্যককে ৪ লাখ টকাকৈ ফিক্সড ডিপজিট দিয়া হ'ব । ইয়াৰে ৩ লাখ টকা ঋণ হিচাপে লৈ বিভিন্ন কাম কৰিব পাৰিব । তেওঁ লগতে কয় যে আদিবাসী গাঁও সমূহৰ ৰাস্তাসমূহ নিৰ্মাণ কৰা হ'ব ।

আনহাতে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ বাবে কেন্দ্ৰৰ ৫০০ কোটি টকা আৰু অসম চৰকাৰৰ ৫০০ কোটি টকাৰ যোগেদি স্থায়ী সম্পদ বনোৱাৰ ক্ষেত্রত ডি পি আৰ প্ৰস্তুত কৰাৰ বাবে তেওঁ পৰিষদৰ প্ৰতি আহ্বান জনায় ।

ভাষণ প্ৰসংগত তেওঁ গোঁসাইগাঁও আৰু কোকৰাঝাৰত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱাসকলক উপযুক্ত ক্ষতিপূৰণ তথা পুনৰ সংস্থাপন দিয়াৰ বাবে বিশেষ পেকেজ দিয়াৰ কথা সদৰী কৰে । অসমত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে বুলি সদৰী কৰি তেওঁ আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অহাৰ বাবে পুনৰবাৰ আহ্বান জনায় ।

অতি কম সময়ৰ ভিতৰত আলফা স্বাধীন শান্তি আলোচনালৈ আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে । অনুষ্ঠানত মন্ত্রী পীযুষ হাজৰীকা, মন্ত্রী সঞ্জয় কিষান, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ পল্লৱ লোচন দাস, বিধায়ক ৰূপজ্যোতি কুৰ্মী, তেৰশ গোৱালা, ৰূপেশ গোৱালা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথকে ধৰি চৰকাৰী কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক:ASP Press meet: পত্নীক ঘূৰাই অনাৰ উদ্দেশ্যে আলফালৈ যোৱাৰ ভুৱা ভিডিঅ’ প্ৰচাৰ যুৱকৰ

ABOUT THE AUTHOR

...view details