অসম

assam

ETV Bharat / state

Covid 19 : ৰাজ্যৰ আঠ লক্ষাধিক লোকে সময় উকলি যোৱাৰ পাছতো লোৱা নাই দ্বিতীয় পালি ভেকচিন

ৰাজ্যত এনে প্ৰায় ১.৫০ লাখ লোক আছে, যি প্ৰথম পালি ক'ভেক্সিন(Covaxin) ভেকচিন লোৱাৰ পাছত দ্বিতীয় পালি ভেকচিন নিৰ্দিষ্ট সময়সীমা পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে লোৱা নাই ৷ আনহাতে, প্ৰথম পালি ক’ভিশ্বিল্ড(covishield) ভেকচিন লোৱাৰ পাছত নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো ৰাজ্যৰ ৬.৫০ লাখ লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা নাই ৷ ক্ৰমাৎ বৃদ্ধি পাইছে এই সংখ্যা ৷

Covid 19 vaccination drive
ৰাজ্যৰ আঠ লক্ষাধিক লোকে সময় উকলি যোৱাৰ পাছতো লোৱা নাই দ্বিতীয় পালি ভেকচিন

By

Published : Nov 13, 2021, 2:14 PM IST

Updated : Nov 13, 2021, 7:06 PM IST

গুৱাহাটী, ১৩ নৱেম্বৰ : ৰাজ্য চৰকাৰে ২৭ নৱেম্বৰৰ ভিতৰত এশ শতাংশ যোগ্য লোকক কমেও এপালিকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ ইফালে ক'ভিড-19 (Covid 19) ত মৃত্যু হোৱা লোকৰ ভিতৰত ভেকচিন নোলোৱা লোকৰ হাৰ বেছি ৷ কিন্তু এনে এক পৰিস্থিতিৰ মাজতো দ্বিতীয় পালি ভেকচিন নোলোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷

কৰ’ণাৰ প্ৰথম পালি ভেকচিন লোৱাৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত দ্বিতীয় পালি ভেকচিন নোলোৱা লোকৰ সংখ্যা ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমান সময়ত ৰাজ্যখনত ৮ লক্ষাধিক এনে লোক চিনাক্ত হৈছে, যি সময় উকলি যোৱাৰ পাছতো আজিলৈকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা নাই ৷ যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷

স্বাস্থ্য বিভাগৰ এক শীর্ষ সূত্ৰই জনোৱা মতে, প্ৰথম পালি ভেকচিন লোৱাৰ সময়ত সকলো লোকৰে ম’বাইল নম্বৰ লোৱা হৈছিল ৷ সেই অনুসৰি এতিয়া স্বাস্থ্য বিভাগে(Health Department assam) সময় উকলি যোৱা লোকসকলক শীঘ্ৰে দ্বিতীয় পালি ভেকচিন লোৱাৰ বাবে বার্তা প্ৰেৰণ কৰিছে ৷ যদিও ইয়াৰ পৰা কোনো লাভ হোৱা নাই ৷

আনকি বহুসংখ্যক লোকে প্ৰথম পালি ভেকচিন লোৱাৰ সময়ত আনৰ ম'বাইল নম্বৰ বা ভুল ম’বাইল নম্বৰো প্ৰদান কৰিছিল ৷ যাৰ বাবে এতিয়া উক্ত লোকসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে, ৰাজ্যখনত এনে প্ৰায় ১.৫০ লাখ লোক আছে, যি প্ৰথম পালি ক'ভেক্সিন(Covaxin) ভেকচিন লোৱাৰ পাছত দ্বিতীয় পালি ভেকচিন নিৰ্দিষ্ট সময়সীমা পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে লোৱা নাই ৷

নিয়ম অনুসৰি প্ৰথম পালি ক'ভেক্সিন(Covaxin) ভেকচিন লোৱাৰ ২৪-৪২ দিনৰ ভিতৰত দ্বিতীয় পালি ভেকচিন ল'ব লাগে ৷ আনহাতে, প্ৰথম পালি ক’ভিশ্বিল্ড(covishield) ভেকচিন লোৱাৰ পাছত নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো ৰাজ্যৰ ৬.৫০ লাখ লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা নাই ৷ প্ৰথম পালি ক’ভিশ্বিল্ড(covishield) ভেকচিন লোৱাৰ পাছত দ্বিতীয় পালি ল’ব লাগে ৮৪-১১২ দিনৰ ভিতৰত ৷

মন কৰিবলগীয়া কথা যে, বিশেষজ্ঞসকলে কৰ'ণাৰ তৃতীয়টো ঢৌ আহিব পাৰে বুলি শংকা ব্যক্ত কৰাৰ পাছতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰদানৰ কাম ক্ষীপ্ৰ কৰি তুলিছে ৷ সেই অনুসৰি এতিয়ালৈকে ৰাজ্যখনত ২,০৪,১৮,৬৬০ গৰাকী লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰাৰ বিপৰীতে ৯৪,৬৬,৩৭৭ গৰাকী লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে ৷

ৰাজ্যত বৰ্তমান অব্যাহত আছে মেগা টীকাকৰণ অভিযান(Covid 19 Mega vaccination drive) ৷ কিন্তু এনে পৰিস্থিতিৰ মাজতে প্ৰথম পালি ভেকচিন লোৱা বৃহৎ সংখ্যক লোকে নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো দ্বিতীয় পালি ভেকচিন নোলোৱা কথাইহে এতিয়া সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷ ইফালে অন্ধবিশ্বাস, উৰা বাতৰি আৰু ভ্ৰান্ত ধাৰণাৰ বাবে বহুলোকে এতিয়াও ভেকচিন লোৱাৰ পৰা বিৰত আছে ৷ সেই লোকসকলকো ভেকচিন লোৱাৰ বাবে ৰাজ্য চৰকাৰে আহ্বান জনাইছে ৷

লগতে চাওক:Robbery attempt foiled: হস্তনিৰ্মিত পিষ্টল সহ পাঁচজনীয়া ডকাইতৰ দল আটক

Last Updated : Nov 13, 2021, 7:06 PM IST

ABOUT THE AUTHOR

...view details