গুৱাহাটী, 3 ফেব্ৰুৱাৰী :ৰাজ্যত ক্ষীপ্ৰ গতিত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান ((Child Marriage in Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক তৎপৰ ভূমিকা ল’বলৈ নিৰ্দেশ প্ৰদানৰ পিচতেই তৎপৰ হৈছে অসম আৰক্ষী ৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । অভিযান কালত বেআইনী স্বামীকে ধৰি 750 গৰাকীতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী (More than 750 people including illegal husband arrested) ৷
বৃহস্পতিবাৰৰ নিশাই অসম আৰক্ষীয়ে ৰাজ্যখনৰ জিলাই জিলাই চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় বহু সংখ্যক স্বামীক (Operation against Child marriage) । বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত বেআইনী স্বামীকে ধৰি 750 গৰাকীতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (Anti-child marriage operation in Assam ) ৷ শুকুৰবাৰে পুৱা 9 বজালৈ বিভিন্ন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ধুবুৰী জিলাত 135 জন, কোকৰাঝাৰ জিলাত 85 জন, বঙাইগাঁও জিলাত 17 জন, চৰাইদেউ জিলাত 49 জন, মৰিগাঁও জিলাত 60 জন, ওদালগুৰি জিলাত 30 জন, নলবাৰী জিলাত 34 জন স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ইয়াৰোপৰি, যোৰহাট, কামৰূপ মহানগৰ আৰু গোৱালপাৰা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰমে 25 জন, 53 জন আৰু 67 জন স্বামী ৷ ইয়াৰ লগতে, বৰপেটা জিলাত 88 জন, মাজুলী জিলাত 16 জন , দৰং জিলাত 33 জন আৰু হোজাই জিলাত 91 জন বাল্য বিবাহ কৰা বেআইনী স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।