গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : অসমত দৈনিক ৫.৩১ লাখ লিটাৰ সুৰা পান কৰে সুৰাপায়ীয়ে । শুনি আচৰিত যেন লাগিলেও এই কথা সঁচা । এইখন অসমতে দৈনিক ৫.৩১ লাখ লিটাৰ সুৰা বিক্ৰী হয় । আনহাতে, সুৰাৰ পৰা চৰকাৰে দৈনিক ১০.৮৫ কোটি টকাৰ ৰাজহ লাভ কৰে । অৰ্থাৎ সুৰাৰ বিনিময়ত বছৰি ৰাজকোষলৈ আহে প্ৰায় চাৰি হাজাৰ কোটি টকা । তেনেস্থলত চৰকাৰে অসমত সুৰাৰ দোকান বৃদ্ধি কৰিব বিচৰাটো স্বাভাৱিক কথা । কাৰণ সুৰাৰ যোগেদি চৰকাৰখনে লাভ কৰিছে বুজন পৰিমাণৰ ৰাজহ ।
সুৰাৰ বিপণীৰ সংখ্যা বৃদ্ধি পালে বিক্ৰী বৃদ্ধি হ'ব আৰু ৰাজহৰ পৰিমাণো বৃদ্ধি পাব । যাৰ বাবে চৰকাৰে গাঁৱে-ভূঞে সুৰাৰ বিপণী খোলাৰ যো-জা চলাইছে, যাতে সুৰাপায়ীয়ে বিচাৰিলেই পাব পাৰে সুৰা । এক কথাত ক'বলৈ গ'লে সুৰাপায়ীৰ ওপৰতে এতিয়া কাৰ্যত নিৰ্ভৰ কৰিছে ৰাজ্যৰ অৰ্থনীতি । চৰকাৰী তথ্য মতে, অসমত দৈনিক বিক্রী হয় ৩,০৬,৭৭২ বাল্ক লিটাৰ বিলাতী সুৰা (আই এম এফ এল) ।
আনহাতে, বিয়েৰ বিক্ৰী হয় ১,৬৬,৫৮৯ বাল্ক লিটাৰ । সেইদৰে দেশীয় সুৰা বিক্ৰী হয় ৫৭,৮১৮ বাল্ক লিটাৰ । ইয়াৰ পৰা চৰকাৰে দৈনিক আহৰণ কৰে ১০.৮৫ কোটি টকা । ইফালে বৰ্তমান অসমত ১,৬৮৪ খন সুৰাৰ দোকান আৰু ৮৯৬ খন বাৰ আছে । ইয়াৰ পিছতো কিন্তু চুবুৰীয়া ৰাজ্যৰ পৰা অবৈধভাৱে অসমলৈ দৈনিক বুজন পৰিমাণৰ সুৰা আহে ।