অসম

assam

Tree Plantation in Assam: চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰতি দহ লাখৰো অধিক লোকৰ সঁহাৰি

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:32 PM IST

অসম চৰকাৰৰ উদ্যোগত একেদিনাই ৰোপণ কৰা হ'ব এক কোটি গছপুলি । ব্যয় কৰা হ'ব ৩০০ কোটি টকা । বাণিজ্যিকভাৱে মূল্য থকা গছপুলি ৰোপণ কৰি গ্ৰাম্য অৰ্থনীতি সবল কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ প্ৰতি ব্যাপক সঁহাৰি । পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত প্ৰায় ৩০ হাজাৰ হেক্টৰ মাটিত গছপুলি ৰোপণ কৰাৰ বিষয়ে এতিয়া কোনো অৱগত নহয় ।

Tree Plantation Campaign
চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰতি দহ লাখৰো অধিক লোকৰ সঁহাৰি

গুৱাহাটী,২২ আগষ্ট:গছপুলি ৰোপণক এক আন্দোলন হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে বিশাল তথা অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে । অসমত একেদিনাই এক কোটি গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰে । বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত এক কোটি গছপুলি ৰোপণ কৰা হ'ব । এই কাৰ্যসূচীক ‘অমৃত বৃক্ষ আন্দোলন’ নামেৰে নামাকৰণ কৰা হৈছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব তিনিশ কোটি টকা ।

লক্ষণীয় বিষয় যে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰিবলৈ বন বিভাগে প্রায় ৩০ হাজাৰ হেক্টৰ ভূমিত ৰোপণ কৰা বৃক্ষৰ অস্তিত্বৰ বিষয়ে এতিয়া কোনো অৱগত নহয় যদিও অন্ততঃ তিনি বছৰলৈ ৰোপণ কৰা গছপুলি যাতে সুৰক্ষিত হৈ থাকে সেই কথা নিশ্চিত কৰিবলৈ ৩০০ কোটি টকা খৰচ কৰি এক কোটি গছপুলি ৰোপণ কৰিবলৈ সাজু হৈছে অসম চৰকাৰ । এই কাৰ্যসূচীৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰতিটো গছপুলি ৰোপণ কৰা ব্যক্তিক এশ টকাকৈ মুঠ এশ কোটি টকা আৰু পৰৱৰ্তী সময়ত প্ৰতিপালনৰ বাবত দুশ টকাকৈ ২০০ কোটি অর্থাৎ মুঠ ৩০০ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলনেৰে অভিলেখ সৃষ্টি কৰিব বিচৰা এই প্ৰচেষ্টাৰ প্ৰতি ৰাইজে সঁহাৰি জনাবলৈ আগবাঢ়ি আহিছে । ১৭ ছেপ্টেম্বৰত ৰাজ্যত একেদিনাই গ্রাম্য অর্থনীতি সবল কৰিব পৰা মূল্যৱান এক কোটি গছপুলি ৰোপণ কৰা হ’ব । এই কাৰ্যসূচীৰ বাবে এতিয়ালৈকে ১০ লাখৰো অধিক লোকে নিজৰ নাম পঞ্জীয়ন কৰিছে । এক কোটি বাণিজ্যিকভাৱে মূল্য থকা গছপুলি ৰোপণ কৰি গ্ৰাম্য অৰ্থনীতি সবল কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ প্ৰতি সঁহাৰি জনাই আত্মসহায়ক গোটৰ এতিয়ালৈকে প্ৰায় ১০ লাখ সদস্যই ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে ।

আনহাতে শিক্ষা বিভাগৰ ১৬ সহস্ৰাধিক কৰ্মচাৰী, ৯ সহস্ৰাধিক সাধাৰণ লোক, ছয় সহস্ৰাধিক অংগনৱাড়ী কৰ্মী সহায়িকা, দুই হাজাৰ আশাকৰ্মী, সহস্ৰাধিক আৰক্ষীৰ লোক আৰু চাহ বাগানৰ আঠ শতাধিক লোকে অমৃত বৃক্ষ আন্দোলনত অংশগ্রহণ কৰিবলৈ নাম পঞ্জীয়ন কৰিছে । উল্লেখ্য যে সর্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত অসমৰ বন আৰু জৈৱ বৈচিত্র্য সংৰক্ষণ সমিতি প্ৰকল্পৰ প্ৰথম পৰ্যায়ত জলবায়ু পৰিৱৰ্তন প্রশমনৰ উদ্দেশ্য আগত ৰাখি অসমৰ মুঠ ১২,৮৩২ হেক্টৰ মাটিত গছ পুলি ৰোপণ কৰা হৈছিল । যুটীয়া বন ব্যৱস্থাপনা কমিটীৰ অধীনত ৮,৪৭২ হেক্টৰ মাটিত বৃক্ষ ৰোপণ কৰা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ১২,৫০০ হেক্টৰ মাটিত গছ ৰোৱাৰ পৰিকল্পনাৰ কথা বন বিভাগৰ তথ্যত উল্লেখ আছে । অর্থাৎ পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত মুঠ ২৯,৮০৪ হেক্টৰ মাটিত বৃক্ষৰোপণ কৰা হৈছিল যদিও সেই বৃক্ষৰ অস্তিত্বৰ বিষয়ে এতিয়া কোনো অৱগত নহয় ।

এইবাৰ ৰাজ্য চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ প্ৰশমনৰ লগতে গ্ৰাম্য অর্থনীতি সবল কৰিবলৈ মূল্যৱান গছ ৰোপণ কৰিবলৈ অভিলাষী আঁচনি যুগুত কৰিছে । ইয়াৰ বাবে ব্যাপক প্ৰচাৰ চলোৱা হৈছে । অমৃত বৃক্ষ আন্দোলনত যিসকলে অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰি ফটো আপলোড কৰিব তেওঁলোকৰ প্রত্যেকে বেংক একাউণ্টত ১০০টকাকৈ লাভ কৰিব । অর্থাৎ এক কোটি বৃক্ষ ৰোপণৰ লক্ষ্য লোৱা ৰাজ্য চৰকাৰে এটা দিনতে ব্যয় কৰিব এশ কোটি টকা ।

আনহাতে তিনি বছৰৰ পাছত গছজোপা প্ৰতিপালনৰ বাবত ২০০ টকাকৈ দিয়া হ'ব । যাৰ বাবদ ব্যয় হ'ব ২০০ কোটি টকা । গছপুলি ৰোপণৰ এই বিশাল কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে অলপতে মুখ্যমন্ত্ৰীয়ে দুটা ৱেব পৰ্টেল মুকলি কৰে । যাৰ যোগেদি সকলোৱে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব পাৰিব । ইতিমধ্যে ১০ লাখৰো অধিক লোকে চৰকাৰৰ উদ্যোগৰ প্ৰতি সঁহাৰি জনাই আগবাঢ়ি আহিছে ।

লগতে পঢ়ক:Tree Plantation in Assam: ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত ৰোপণ কৰা হ'ব এক কোটি গছপুলি

ABOUT THE AUTHOR

...view details