অসম

assam

ETV Bharat / state

পাণ্ডুত খুটাত বান্ধি দুই যুৱতীক শাৰীৰিক নিৰ্যাতন - উত্তপ্ত পৰিস্থিতি

একাংশ লোকে পিতৃৰ সন্মূখতে খুটাত বান্ধি দুই যুৱতীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

খুটাত বান্ধি দুই যুৱতীক শাৰীৰিক নিৰ্যাতন

By

Published : Jul 23, 2019, 2:26 PM IST

গুৱাহাটী, 23 জুলাই: মঙলবাৰে মহানগৰীৰ পাণ্ডুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ একাংশ লোকে পিতৃৰ সন্মূখতে খুটাত বান্ধি দুই যুৱতীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি পাণ্ডুৰ ৰাজেন গোৱালা নামৰ এজন লোকে তেওঁৰ ঘৰত উক্ত অঞ্চলটোৰে এগৰাকী যুৱতীক অসৎ উদ্দেশ্যৰে নিজৰ ঘৰত ৰাখি থৈছিল। যাৰ বাবে একাংশ স্থানীয় লোকে আৰক্ষীৰ ৰূপত অৱতীৰ্ণ হৈ লোকজনৰ লগতে তেওঁৰ দুগৰাকী কন্যাক খুঁটাত বান্ধি শাৰিৰীক নিৰ্যাতন চলাই ৷ ইফালে ৰাজেন গোৱালাই এই সন্দৰ্ভত তেওঁ অজ্ঞাত বুলি উল্লেখ কৰি কয় যে তেওঁৰ জীয়ৰীৰ লগতহে তেওঁলোকৰ ঘৰলৈ আহিছিল যুৱতীগৰাকী ৷ পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাজেনৰ লগতে তেওঁৰ দুই কন্যাক থানালৈ লৈ যায় ৷ লগতে আৰক্ষীয়ে ভুক্তভোগী যুৱতী গৰাকীৰ ভাষ্য অনুসৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।

খুটাত বান্ধি দুই যুৱতীক শাৰীৰিক নিৰ্যাতন

ABOUT THE AUTHOR

...view details