অসম

assam

ETV Bharat / state

কলিয়াবৰত "গগৈ vs মহন্ত" - etv bharat assam

লোকসভা নিৰ্বাচনৰ বাবে অগপৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

এইবাৰ কলিয়াবৰত "গগৈ vs মহন্ত"

By

Published : Mar 23, 2019, 2:12 AM IST


গুৱাহাটী, 23 মাৰ্চঃ অগপ বিজেপিৰ মিত্ৰতাৰ পাচতেই শুকুৰবাৰে অগপই ঘোষণা কৰিলে কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ কলিয়াবৰ লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী হ’ব মণিমাধৱ মহন্ত। কলিয়াবৰত মন্ত্ৰী তথা অগপৰ কাৰ্যবাহী সভাপতি কেশৱ মহন্তৰ ভাতৃ তথা সদ্য আছু ত্যাগী মণি মাধৱ মহন্তক দিয়া হৈছে প্ৰাৰ্থিত্ব ৷

গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজত নামিব মণিমাধৱ মহন্ত।শুকুৰবাৰে নিশা অগপৰ সভাপতি অতুল বৰাৰ সৈতে দলীয় কৰ্মীৰ হোৱা বৈঠকৰ অন্তত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম । বৈঠকৰ অন্তত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মণি মাধৱ মহন্তৰ নাম ঘোষণা কৰাৰ লগতে অহা ২৭ মাৰ্চত অগপই বৰপেটা আৰু ধুবুৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলিও উল্লেখ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷

এইবাৰ কলিয়াবৰত "গগৈ vs মহন্ত"

আনহাতে, বৰপেটা আৰু ধুবুৰীৰ টিকট বিচাৰি ৩-৪ জন ব্যক্তিয়ে আবেদন জনাইছে যদিও দলৰ বিবেচনাৰ অন্তত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই


উল্লখ্য যে,১৪ মাৰ্চত আছু ত্যাগ কৰিছিল মণিমাধৱ মহন্তই । আছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আছিল কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্ত ।যোৱা ২০ মাৰ্চত অগপত যোগদান কৰিছিল কলিয়াবৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা মণি মাধৱ মহন্তই ।

ABOUT THE AUTHOR

...view details