অসম

assam

By

Published : Jun 17, 2022, 9:50 PM IST

ETV Bharat / state

Miscreants Snatch 10 Lakh: মহানগৰীত পুনৰ ধন লুটৰ ঘটনা

পাণবজাৰত এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই থপিয়াই নিলে ১০ লাখ টকা । মহিলাগৰাকীয়ে লখৰাৰ চেন্ট্ৰেল বেংকৰ পৰা উলিয়াই আনিছিল টকাখিনি । ব্যক্তিগত বাহনত পাণবজাৰলৈ আহি বাহনৰ পৰা নামোতেই বাইকত অহা দুজনীয়া দুৰ্বৃত্তই কাঢ়ি নিয়ে টকাৰ বেগটো (Miscreants Snatch Money bag) ৷

Money stolen by thieves from women in Guwahati
মহানগৰীত পুনৰ ধন লুটৰ ঘটনা

গুৱাহাটী,১৭ জুন: গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ উৎপাত ৷ কেতিয়াবা যদি সোণৰ গহনা, আন কেতিয়াবা আকৌ নগদ ধন লৈ উধাও হয় চিলনী চোৰে ৷ চোৰৰ তাণ্ডৱত অতিষ্ঠ গুৱাহাটী মহানগৰবাসী ৷ এইবাৰ পাণবজাৰত এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই থপিয়াই নিলে ১০ লক্ষাধিক টকা (Miscreants loot bag full of Rs 10 lakh ) ।

উল্লেখ্য যে, মহিলাগৰাকীয়ে পাণবজাৰৰ অন্তৰ্গত লখৰাস্থিত চেন্ট্ৰেল বেংকৰ পৰা উলিয়াই আনিছিল টকাখিনি । ব্যক্তিগত বাহনত পাণবজাৰত আহিছিল মহিলাগৰাকী । পাণবজাৰৰ বি এছ এন এলৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় ধন লুটৰ এই ঘটনা । পাণবজাৰত গাড়ীৰ পৰা নমাৰ সময়তে দুৰ্বৃত্তই থপিয়াই নিয়ে টকাৰ বেগটো ।

জানিবপৰা মতে এখন ক'লা পালচাৰত আহিছিল দুজনীয়া দুৰ্বৃত্তৰ দলটো (Miscreants Snatch Money bag)। ইতিমধ্যে পাণবজাৰ থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ। লখৰাৰ বেংকৰ পৰাই দুৰ্বৃত্তই মহিলাগৰাকীক অনুসৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

পানবজাৰত সু্যোগ বুজি বাইকত অহা দুজনীয়া দুৰ্বৃত্তই মহিলাগৰাকীৰ পৰা টকা থকা বেগটো কাঢ়ি লৈ যায় । ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অুনুসন্ধান আৰম্ভ কৰিছে । এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব পৰৱৰ্তী তথ্য ৷ একাংশৰ অভিযোগ আৰক্ষীৰ গাফিলতিৰ বাবেই বৃদ্ধি পাইছে এনে চুৰিকাৰ্য ৷

লগতে পঢ়ক :নগাঁৱত ই ৰিক্সাৰ পৰা জব্দ ড্ৰাগছ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details