অসম

assam

ETV Bharat / state

চলন্ত বাছত ছাত্ৰীৰ শ্লীলতা হানি কৰিবলৈ গৈ ৰঙাঘৰত সোমাল ছাৰ! - jalukbari

শিক্ষক সমাজক লজ্জানত কৰাৰ অভিযোগ উত্তৰ গুৱাহাটী ফেকাল্টিৰ শিক্ষক যুগল বৰাৰ বিৰুদ্ধে । মঙলদৈৰ নিজ বাসগৃহৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ বাছত আহি থকা অৱস্থাতে লম্পট শিক্ষকগৰাকীয়ে শ্লীলতা হানি কৰা বুলি এগৰাকী ছাত্ৰীয়ে অভিযোগ কৰে ।

শিক্ষকৰ হাতত ছাত্ৰী নিৰ্যাতিতাৰ অভিযোগ, গ্ৰেপ্তাৰ অভিযুক্ত শিক্ষক যুগল বৰা

By

Published : Sep 23, 2019, 2:53 AM IST

Updated : Sep 23, 2019, 7:46 AM IST

গুৱাহাটী, 22 ছেপ্তেম্বৰঃ মহানগৰীত পুনৰ চলন্ত বাছত ছাত্ৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ শিক্ষক সমাজক লজ্জানত কৰাৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ।

শিক্ষকৰ হাতত ছাত্ৰী নিৰ্যাতিতাৰ অভিযোগ, গ্ৰেপ্তাৰ অভিযুক্ত শিক্ষক যুগল বৰা

মহানগৰীত পুনৰ চলন্ত বাছত ছাত্ৰী নিৰ্যাতনৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এইবাৰ উত্তৰ গুৱাহাটী ফেকাল্টিৰ শিক্ষক এজনে চলন্ত বাছতেই এগৰাকী ছাত্ৰীৰ শ্লীলতা হানি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুগল বৰা নামৰ শিক্ষকজনৰ বিৰুদ্ধে। বাছৰ একাংশ যাত্ৰীয়ে মোবাইলত বন্দী কৰিলে শিক্ষকজনৰ কু-কৰ্মৰ সকলো দৃশ্য। মংগলদৈৰ নিজগৃহৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ বাছত আহি থকা অৱস্থাতে লম্পট শিক্ষকগৰাকীয়ে শ্লীলতা হানি কৰা বুলি ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে। অভিযুক্ত যুগল চন্দ্ৰ বৰা নামৰ শিক্ষকগৰাকী গুৱাহাটীৰ নাৰেংগীৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত ছাত্ৰীজনীয়ে এক গোচৰ ৰুজু কৰে ৷ ইতিমধ্যে যুগল বৰাক জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰে ।

Last Updated : Sep 23, 2019, 7:46 AM IST

ABOUT THE AUTHOR

...view details