অসম

assam

By

Published : Dec 29, 2019, 6:03 PM IST

ETV Bharat / state

মহানগৰীত শিশু নিৰ্যাতনঃ গ্ৰেপ্তাৰ এক

মহানগৰীৰ ভৰলুমুখত সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা ৷ আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে নিৰঞ্জন কলিতা নামৰ এজন ব্যক্তিক ৷

গ্ৰেপ্তাৰ এক
মহানগৰীত শিশু নিৰ্যাতন

গুৱাহাটী,29 ডিচেম্বৰঃ দেওবাৰৰ দিনটোত মহানগৰীত পোহৰলৈ আহিল শিশু নিৰ্যাতনৰ ঘটনা ৷ মানৱতাক ভূ-লুণ্ঠিত কৰা ঘটনাতো সংঘটিত হয় মহানগৰীৰ ভৰলুমুখত ৷ দুগৰাকীকৈ কণমানিক যৌন আতিশয্য চলাই ৰঙাঘৰৰ আলহী হ’ল নিৰঞ্জন কলিতা নামৰ এজন ব্যক্তি ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ৯ বছৰীয়া এটি শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই লম্পটজনে ৷ পিছত শিশুটিয়ে মাতৃৰ আগত ব্যক্ত কৰে এই কু-কৰ্মৰ কথা ৷

কোনো নথকাৰ সুযোগত শিশু নিৰ্যাতন

ইফালে এই ঘটনাৰ পিছতে পোহৰলৈ আহে নিৰঞ্জন কলিতাৰ আন এক কাণ্ড ৷ বিগত কেইবামাহ ধৰি অন্য এটি পাঁচ বছৰীয়া কণমানিক যৌন আতিশয্য চলাই আহিছিল লম্পটটোৱে । শনিবাৰে ঘটনা সন্দৰ্ভত দুয়োটা পৰিয়ালে ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে পক্স’ আইনৰ অধীনত ৮৩৭/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে লম্পটটোক ৷ ইপিনে অভিযুক্ত কলিতাক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে কণমানি দুগৰাকীৰ পৰিয়ালে । উল্লেখ্য যে, নিৰঞ্জন কলিতাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল শিশু দুগৰাকীৰ পৰিয়াল ৷

লগতে চাওকঃবস্তা বাবাই ইচ্ছা কৰিলে সকলো সম্ভৱ !

ABOUT THE AUTHOR

...view details